অসমনলবাৰী

নাট্য মন্দিৰ উন্নয়ন আৰু প্ৰেক্ষাগৃহ মুকলিৰ দাবী, নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান

প্ৰথম খবৰ ,নলবাৰীঃ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী চহৰত থকা ৰাজহুৱা সম্পদ নাট্য মন্দিৰৰ উন্নয়ন আৰু জিলা পুথিভঁৰালৰ লগত সংলগ্ন প্ৰেক্ষাগৃহটো ৰাইজলৈ মুকলি কৰাৰ দাবীত গণ অৱস্থান পালন কৰে। সংগঠনটোৰ নলবাৰী জিলা উপদেষ্টা ব্ৰজেন চৌধুৰী, সভাপতি মৃণাল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা, যুটীয়া সম্পাদক নিৰোদ দাস, সাংস্কৃতিক সম্পাদক প্ৰণৱজ্যোতি কলিতা, নলবাৰী চহৰ সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা সহ সচেতন ৰাইজৰ নেতৃত্বত এই গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰা হয়। গণ অৱস্থা স্থলিত নিজৰ মতামত ব্যক্ত কৰি সংগঠনটোৰ জিলা উপদেষ্টা ব্ৰজেন চৌধুৰী আৰু সভাপতি মৃণাল কুমাৰ বৰ্মনে কয় যে, নলবাৰীৰ সমাজ জীৱনৰ অংগ নলবাৰী নাট্য মন্দিৰ জহি খহি যাব ধৰিছে। ইয়াক লৈ চৰকাৰ কিম্বা জনপ্ৰতিনিধি অথবা প্ৰশাসনৰ কোনো গুৰুত্ব নাই। নাট্য মন্দিৰত সকলোৱে সভা সমিতি পাতো। চৰকাৰী বা বেচৰকাৰী হওক। ৰাজনৈতিক নেতা তথা জনপ্ৰতিনিধি সকলৰ বহু প্ৰতিশ্ৰুতি মূলক ভাষণ শুনিব পোৱা যায় এই নাট্য মন্দিৰত। কিন্তু নাট্য মন্দিৰ উন্নয়নৰ বাবে চিন্তা কৰা আজিলৈকে দেখা নগ’ল। আনকি বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত তদানিন্তন নলবাৰী জিলা উপায়ুক্ত মেহতাব উদ্দিন আহমেদৰ নেতৃত্বত নাট্য মন্দিৰ নিৰ্মাণৰ সময়ত সংঘটিত কেলেংকাৰীৰ তদন্তও নহ’ল। নামত এনে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ দ্বাৰাই তদন্তৰ ব্যৱস্থা কৰা হৈছিল যদিও সেয়াও ভেকোঁভাওনা হে হ’ল। ৰাজ্যৰ বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰে নাট্য মন্দিৰ নিৰ্মাণত চলা দূৰ্নীতিৰ তদন্ত কৰিব বুলি ভাবিছিল যদিও আজিলৈকে একোই নকৰিলে।
এয়াই নেকি পৰিবৰ্তন বুলিও নেতাদ্বয়ে ক্ষোভ প্ৰকাশ কৰে। তদুপৰি জিলা পুথিভঁৰাল সংলগ্ন প্ৰেক্ষাগৃহটো কি ৰহস্যৰ বাবে আজিলৈ ৰাইজক মুকলি কৰি দিয়া নহ’ল। এয়া এক নুবুজা সাঁথৰ হৈয়ে থাকিল বুলি প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close