অসমগুৱাহাটীশীৰ্ষ

নিমখ হাৰাম! নিমখক লৈ উত্তাল বিধান সভা

নিউজ ডেস্ক, প্ৰথম খবৰঃ নিমখক লৈ উত্তাল হৈ পৰিল আজি বিধান সভা। ৰাজহুৱা সামগ্ৰী বিতৰণ ব্যৱস্থাৰ নিমখক লৈ বিৰোধী দলৰ বিধায়ক আব্দুল খালেকে পিডিএছ’ৰ নিমখক লৈ শাসকীয় মন্ত্ৰী ৰিহন দৈমাৰীক প্ৰশ্ন কৰে! তেখেতে প্ৰশ্ন উত্থাপন কৰি কয় যে, বিগত বছৰত ৰাজ্যত ৩৮,৭৪১.৭৮ কুইন্টল নিমখ যোগান ধৰা হৈছিলে কিন্তু পিডিএছ’ৰ নিমখৰ দাম বজাৰৰ নিমখতকৈ বেছি।

বিৰোধীৰ প্ৰশ্ন এই নিমখ কলৈ যায়? সদনৰ প্ৰশ্ন উত্তৰ কালত বিৰোধী দলৰ বিধায়ক আব্দুল খালেকে শাসকীয় দলক সমালোচনাৰে ব্যতিব্যস্ত কৰি তোলে। তেখেতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীক পোনপটীয়াকৈ প্ৰশ্ন কৰে। তেখেতে প্ৰশ্ন কৰে যে, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (পিডিএছ’) অধীনত ৰাজ্য চৰকাৰে কি কি খাদ্য সামগ্ৰীৰ যোগান ধৰে আৰু চলিত বিত্তীয় বৰ্ষত কি পৰিমাণৰ সামগ্ৰী যোগান ধৰা হৈছে?

এই ব্যৱস্থাৰ সামগ্ৰীসমূহ অকল সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানসমূহৰ জৰিয়তে যোগান ধৰা হয় নে? বৰপেটা জিলাত এই ব্যৱস্থাৰ অধীনত কি পৰিমাণৰ কি কি সামগ্ৰী যোগান ধৰা হৈছে ?

বিধায়ক আব্দুল খালেকৰ লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কয় যে, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্য চৰকাৰে চাউল, কেৰাচিন, তেল, আটা আৰু যোন ৱাইজ এৰাইভেলৰ ওপৰত ভিত্তি কৰি নিমখ যোগান ধৰা হয়। চলিত বিত্তীয় বৰ্ষত (এপ্ৰিল-২০১৭ ৰ পৰা মাৰ্চ-২০১৮) বৰ্ষত যোগান ধৰা সামগ্ৰীৰ পৰিমান তলত উল্লেখ কৰা হ’ল:

চাউলঃ ১৩১,২১,৭৮,৫৭৯.৬১ কুইন্টল।

আটাঃ ৬,৫৯,০৩৪ কুইন্টল।

কেৰাচিন তেলঃ ২,৪৫,৮৫৬ কিলোলিটাৰ।

নিমখঃ ৩৮,৭৪১,৭৮ কুইন্টল।

খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ যোগেদি এএৱাই হিতাধীকাৰী প্ৰত্যেক পৰিয়ালক ৩৫ কিলো আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালৰ সদস্যই প্ৰতি ৫ কিলো কৈ চাউল প্ৰতিমাহে যোগান ধৰা হৈ আছে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (পিডিএছ’) অধীনত বিতৰণ কৰা সামগ্ৰী সমূহ সমবায় সমিতি (জিপিএছএছ/ পাইকাৰী গ্ৰাহক সমবায় সমিতি (ডব্লিউচিচিএছ/ বৃহত্তৰ এলেকা বহুমুখী সমবায় সমিতি (এলএএমপিএছ) আৰু সুলভ মূল্যৰ দোকান সমূহৰ জৰিয়তে যোগান ধৰা হয়।

বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা সদৰ মহকুমা আৰু বজালী মহকুমাত যোগান ধৰা সামগ্ৰীৰ নাম আৰু পৰিমাণৰ সমূহ সমবায় ভিত্তিক তালিকা সংলগ্ন ‘ক’ আৰু ‘খ’ ত দিয়া হ’ল। কিন্তু বৰ্তমান সময়ত সচাকৈ যোগান বিভাগে ইমানবোৰ সামগ্ৰী যোগান ধৰিছে নে বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে!

Related Articles

Leave a Reply

Close