অসমগুৱাহাটীশীৰ্ষ

পুনৰ ৯ গৰাকী এ পি এচ,এ চি এচ বিষয়াক তলব ডিব্ৰুগড় আৰক্ষীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: এ পি এচ চি কেলেংকাৰী সন্দৰ্ভত পুনৰ ৯ গৰাকী এ চি এচ  আৰু এ পি এচ বিষয়াক তলব কৰিলে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে। ডিব্ৰুগড় আৰক্ষীৰ তলব অনুসৰি  সমূহ বিষয়াই কাইলৈ উপস্থিত হ’ব লাগিব কাহিলীপাৰাস্থিত আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত আৰু হস্তাক্ষৰৰ পৰিক্ষা দিব লাগিব অভিযুক্ত বিষয়াসকলে৷ উল্লেখ্য যে, কাহিলীপাৰাৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত জেৰা কৰিবলগীয়া বিষয়াসমূহৰ ভিতৰত আছে ২০১৩ বৰ্ষৰ এ পি এচ আৰু এ চি এচ অভিশিখা বৰুৱা, ঋতুৰাজ গগৈ, জয়দীপ মহন্ত, কৌশিক কলিতা, সত্যজিত্‍ সৰকাৰ, বৰ্ণালী দেৱী, অভিষেক বৰবৰা, সঞ্জন ফুকন, দেৱব্ৰত দে’৷

Related Articles

Leave a Reply

Close