অসম

বিশেষভাৱে সক্ষম যুৱকলৈ ফেচবুক গ্ৰুপৰ সাহাৰ্য্য

নিউজ ডেস্ক,প্ৰথম খবৰ:ফেচবুকৰ হাস্য ব্যঙ্গ গ্ৰুপ ফটাঢোলে অৱিনাশ শৰ্মাক উন্নত চিকিৎসাৰ বাবে ৭০০০০(সত্তৰ হাজাৰ) টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় আজি। দৰং জিলাৰ পাথৰিঘাট অঞ্চলৰ পোটাপুখুৰী গাঁৱস্থিত অৱিনাশৰ ঘৰত গৈ এই সাহায্য প্ৰদান কৰে ফটাঢোলৰ অন্যতম সদস্য সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য,নাজিম হুছেইন আৰু ৰামানুজ গোস্বামীয়ে। অতি দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰগৰাকী ২০১৪ চনত মটৰচাইকেল দুৰ্ঘটনাগ্ৰস্ত হৈ অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰপৰা বঞ্চিত হৈ আছিল।

বিভিন্ন সামাজিক কাম কাজ আৰু হাস্য ব্যঙ্গ সাহিত্যৰ চৰ্চাৰ দ্বাৰা ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হোৱা ফটাঢোল গ্ৰুপৰ এই কাৰ্যত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। প্ৰতি মাহৰ ১ তাৰিখে গ্ৰুপৰ পৰা প্ৰকাশিত হোৱা অনলাইন আলোচনীখনেও ইতিমধ্যে যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিছে ফেচবুকত।

Related Articles

Leave a Reply

Close