অসমশীৰ্ষ

বিহালী সংৰক্ষিত বনাঞ্চলত বন্যহস্তী হত্যা,নিৰ্বিকাৰ বন বিভাগ

প্ৰথম খবৰ,বৰগাং: বিহালী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত নাহৰজানত জীৱ শ্ৰেষ্ঠ মানৱে অমানৱীয়ভাৱে হত্যা কৰে এটা প্ৰাপ্তবয়স্ক বন্যহস্তী৷ বন্যহস্তীটো হত্যা কৰি দেহৰ অৰ্দ্ধ অংশ কাটি নিয়াৰ ওপৰিও শুৰ কাটি লৈ উধাও হয় জীৱ শ্ৰেষ্ঠ মানৱৰ দল৷ যিটো ঘটনা পোহৰলৈ অহাৰ লগে-লগে সমগ্ৰ বিহালীৰ জন জীৱন জোকাৰি গৈছে৷ প্ৰাপ্ত তথ্যমতে, আজি পুৱা ভাগত সংৰক্ষিত বিহালী বনাঞ্চলৰ নাহৰজান বন নিৰীক্ষণ শিৱিৰ পৰা প্ৰায় ১ কিলো মিটাৰ দূৰৈত এটা বন্যহস্তীক চুবুৰীয়া ৰাজ্য অৰুণাচলী একাংশ লোকে আজিৰ পৰা প্ৰায় দুদিন পূৰ্বে বন্দুকৰ গুলীৰে হত্যা কৰি আজি হাতীটোৰ দেহৰ পৰা মাংস কাটি নিয়াৰ ওপৰিও শুৰ কাটি উধাও হয় দুস্কৃতিকাৰীৰ দল৷

উল্লেখ্য যে, ঘটনা সংঘটিত হোৱা স্থানৰ পৰা কিছু দূৰৈত বন বিভাগৰ অগোচৰে বনাঞ্চলৰ ভিতৰত দিন দুপৰতে দুস্কৃতিকাৰী দল প্ৰৱেশ কৰি বন্যহস্তীৰ ওপৰত আক্ৰমন চলোৱা কাৰ্য সম্পৰ্কে কোনো উম ঘামেই নেপালে বিয়াগোম বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে৷ অতি আশ্চৰ্যকৰ বিষয়টো হ’ল, স্থানীয় লোকৰ পৰাহে বন বিভাগে লাভ কৰিলে হস্তী নিধনৰ বতৰা৷ বৰঞ্চ প্ৰতিমাহে ৰাজ কোষৰ পৰা লক্ষ-লক্ষ টকাৰে বেতনলৈ অহা বন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে বনাঞ্চল খনত দৈনিক চলাই আহিছে তহলদাৰ৷ তেনেস্থলত, কি কাৰণত বন বিভাগে গমকে নেপালে যে কোনো দুস্কৃতিকাৰীয়ে বন্যহস্তী নিধন কৰি দেহৰ মাংস কাটি পলায়ন কৰিলে৷ যি সময়ত ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বন সুৰক্ষাৰ সমান্তৰালভাৱে বন্য প্ৰানীৰ সুৰক্ষাৰ বাবে তৎপৰতা প্ৰদৰ্শণ কৰিছে সেই সময়তে বিহালী বনাঞ্চলৰ ভিতৰত এনে কাণ্ড সংঘটিত হোৱা ঘটনাই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷ আনহাতে, বিহালী বনাঞ্চলত বিহালী বনাঞ্চলৰ ভিতৰত ধাৰাবাহিকভাৱে অব্যাহত আছে চোৰাং চিকাৰীৰ লগতে চোৰাং ব্যৱসায়ীৰ দপদপনি৷ বিপৰীতে নীৰৱ নিৰ্বিকাৰ বিয়াগোম বন বিভাগ৷ প্ৰতিদিনে বনাঞ্চল খনৰ ভিতৰত চলি আহিছে মূল্যৱান গছ গছনি কটাৰ অঘোষিত প্ৰতিযোগিতা৷ সমান্তৰালভাৱে দুষ্পাপ্য জীৱ জন্তু হত্যা কৰি বৰভোজ খাই কৰি আহিছে পৈশাচিক আনন্দ-নৃত্য৷ তাৰ পিছতো, ঘোৰ নিদ্ৰাত বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বিয়াগোম বন বিভাগ৷ কাৰ্যত বন সুৰক্ষাৰ বাবে তিলমানে সদ্দিচ্ছা নথকা পূৱ শোনিতপুৰ বন সংমণ্ডলৰ ডিএফঅ’ আৰু বৰগাং বনাঞ্চলিক বিষয়াই দম্ভালি মাৰি বনাঞ্চল খনৰ ভিতৰত সংঘটিত বন দৈস্যুৰ দৌৰাত্ম জন চক্ষুৰ পৰা লুকুৱাই ৰাখিৱলৈ প্ৰকৃত পৰিৱেশ সচেতন ব্যক্তি – দল সংগঠনক প্ৰৱেশ কৰিৱলৈ বাধা আৰোপ কৰি তীব্ৰ ভাবুকি প্ৰদান কৰে৷ ইফালে, যি সময়ত বনাঞ্চল খনৰ ভিতৰত একাংশ অৰুণাচলী আৰু একাংশ থলুৱাই চোৰাং ভাৱে জীৱকুলৰ লগতে মূল্যৱান গছ গছনি কাটি তহিলং কৰি আহিছে সেই সময়ত বন ৰক্ষাৰ পৰিবৰ্তে লক্ষ লক্ষ টকা ৰাজহুৱা ধন ব্যয়ৰে পুৱ শোনিতপুৰ বনাঞ্চলিক বিষয়া গৰাকীয়ে বিহালী বনাঞ্চলৰ গৌৰৱ বখানিৱলৈ অনুষ্ঠিত কৰিছে বনাঞ্চলখনৰ মহা আড়ম্বপূৰ্ণ শতবাৰ্ষিকী অনুষ্ঠান৷ সিফালে, শতবাৰ্ষিকী অনুষ্ঠান পাতি বাহ বাহ লোৱা পুৱ শোনিতপুৰ বন সংমণ্ডল বিষয়া গৰাকীয়ে নিজৰ চূড়ান্ত ব্যৰ্থতা ঢাকিৱলৈ গৈ বনাঞ্চল ধ্বংসৰ অপৰাধত এজন বিট অফিচাৰক নিলম্বন কৰি সমস্ত দোষ খণ্ডনৰ মিথ্যাচাৰৰ আশ্ৰয় গ্ৰহন কৰিছে৷ যিটো বিষয়ে ইতিমধ্যে বিহালী তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ অতি গুৰুত্বপূৰ্ণ যে, বিহালীৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তৰো এই ক্ষেত্ৰত নাই কোনো সক্ৰিয়তা৷ তাৰোপৰি মন্ত্ৰী দত্তই বনাঞ্চল খনৰ লগতে জীৱকুলৰ সুৰক্ষাৰ বাবে গ্ৰহন কৰা নাই তিলমানো কাৰ্য ব্যৱস্থা ৷
সিফালে, বন মন্ত্ৰী প্ৰমীলাৰানী ব্ৰহ্মই সংবাদ মাধ্যমৰ সন্মুখত বিহালী বনাঞ্চল সুৰক্ষা প্ৰদান কৰাত প্ৰকাশ কৰিছে অসহায়৷ বন মন্ত্ৰী গৰাকীৰ ভাষ্যত প্ৰকাশ ঘটিছে যে বিহালী সংৰক্ষিত বনাঞ্চল খন ধ্বংসৰ মূখ্য ভূমিকাত শক্তিশালী লোকেল নেতা৷ যিটো নেকি অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে৷ আনহাতে আজি বিহালী বনাঞ্চল খনৰ ভিতৰত সংঘটিত বন্য হস্তীৰ নিধন যজ্ঞৰ বিৰূদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন৷ অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতিৰ কাৰ্যকৰী সম্পাদক অনন্ত হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিহালী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত দিন দুপৰতে বন্যহস্তী হত্যা কৰি ভক্ষণ কৰাৰ সুযোগ প্ৰদান কৰিছে পুৱ শোনিতপুৰ বন সংমণ্ডলৰ ডিএফ অ’ গৰাকীয়ে৷ এই গৰাকী বন বিষয়াৰ নেতৃত্বত বিহালী বনাঞ্চলত চলিছে বন ধ্বংস কাৰ্যৰ লগতে বন্যহস্তী নিধন কাৰ্য৷ পৰিৱেশ কৰ্মী দীপক কুমাৰ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, জৈৱ্য বৈচিত্ৰৰে পৰিপূৰ্ণ বিহালী বনাঞ্চল খন বন শূন্য কৰি তোলাৰ চক্ৰান্তত উঠি পৰি লাগিছে ডি এফ অ’ এণ্ড কোম্পানী৷ বৰ্তমানৰ বন বিষয়া গৰাকীৰ পৃষ্টপোষকতাত বিহালীত চলিছে বন লুন্ঠনৰ কাৰ্য৷ সমান্তৰালভাৱে, বিহালী বনাঞ্চল ৰক্ষাৰ বাবে কাম কাজ কৰি অহা দল সংগঠন সকলে বৰ্তমানৰ পুৱ শোনিতপুৰ বন সংমণ্ডলৰ বন বিষয়া গৰাকীৰ নিলম্বনৰ দাবী উত্থাপন কৰিছে৷

Related Articles

Leave a Reply

Close