অসম

বৰ্ণসংকৰ বগৰী খেতিৰে স্বাৱলম্বী মহিলা হেমন্তী দলে চূংক্ৰাং

ঢকুৱাখনাৰপৰা পাপু বৰুৱা,প্ৰথম খবৰ: যি সময়ত ৰাজ্যৰ হাজাৰ হাজাৰ নিৱনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ অভাৱত জীৱিকাৰ তাগিদাত অন্য ৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়তে ঢকুৱাখনাৰ মাতমৰা অঞ্চলৰ খামন বিৰিণা গাঁৱৰ হেমন্তী দলে চূংক্ৰাং নামৰ উদ্যমী মহিলাগৰাকীয়ে মাথোঁ এবিঘা মাটিতে বৰ্ণসংকৰ জাতৰ বগৰীৰ খেতি কৰি সহজতে অৰ্জন কৰিছে হাজাৰ হাজাৰ টকা। কৃষি বিভাগৰ পৰামৰ্শ লৈ ৰাজস্থানৰ পৰা বৰ্ণসংকৰ জাতৰ বগৰীৰ পুলি আনি ঘৰৰ কাষৰে অতি বালিয়া পতিত ভূমিত ৰোপন কৰি এতিয়া হেমন্তীয়ে প্ৰতি সপ্তাহতে চিঙিবলৈ সক্ষম হৈছে কুইন্টলে কুইন্টলে সুস্বাদু বগৰী। প্ৰতি কিলোগ্ৰামত আশীৰ পৰা এশ টকা দৰত বিক্ৰী কৰি অদ্যপি হেমন্তীয়ে অৰ্জন কৰিছে হাজাৰ হাজাৰ টকা। তাৰোপৰি অনাগত দুমাহ পৰ্যন্ত ফল বিক্ৰী অব্যাহত থাকিলে আৰু লক্ষাধিক টকা হাতলৈ অহাতো প্ৰায় নিশ্চিত হৈছে হেমন্তীৰ। লাভজনক এই বগৰী খেতিৰ কৃষি প্ৰণালীও তেনেই সহজ। ৰোপণৰ আঠ মাহৰ পাছতেই ফল চিঙিব পৰা বিশেষ বগৰীবিধৰ প্ৰতি জোপা গছত ১৫-২০ কিলোগ্ৰাম পৰ্যন্ত বগৰী উৎপাদন হয়। অন্যহাতে এবাৰ ৰোপণ কৰা কাঁইটবিহীন গছৰ পৰা পাঁচ বছৰ পৰ্যন্ত ফল লাভ কৰিবলৈ সক্ষম হয় কৃষকে। আশা কৰা ধৰণে লাভৱান হোৱাৰ পাছত এতিয়া হেমন্তীয়ে নতুনকৈ পুনৰ ২ বিঘা মাটিত বিশেষ বগৰীবিধৰ খেতি কৰাৰ পৰিকল্পনা কৰিছে। হেমন্তীৰ এই প্ৰয়াসে এতিয়া স্বাৱলম্বীতাৰ নতুন পথ দেখুৱাবলৈ সক্ষম হৈছে বহুতক।

Related Articles

Leave a Reply

Close