অসমগুৱাহাটী

ভুল চিকিৎসাৰ বলি হৈ অকাল মৃত্যুক সাবটিলে মহিলাই

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰঃ কামৰূপ জিলাৰ চাংসাৰিৰ নিকটৱৰ্তী কমলপুৰ থানাৰ অন্তৰ্গত মনিয়েৰী গাঁৱৰ এগৰাকী সৰবৰহী মহিলাই যোৱা বুধবাৰে অকালতে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই অঞ্চলটোৰ লগতে ওচৰ পাজৰৰ অঞ্চল সমূহত সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। অঞ্চলবাসী একাংশ ৰাইজৰ পৰা জানিব পৰা অনুসৰি যোৱা সোমবাৰে মনিয়েৰীৰ কমল নাথৰ পত্নী নমিতা নাথে নিজৰ একমাত্ৰ প্ৰায় ৯ বছৰীয়া সন্তান গুনগুনৰ টিউচন মাষ্টৰক চাহ পানী দি সেইদিনা আগৰে পৰা নিজকে কিছু অসুস্থ যেন অনুভৱ কৰি থকাৰ বাবে ঘৰৰ পৰা সামান্য দুৰত থকা ডাক্টৰৰ চেম্বাৰলৈ চিকিৎসা গ্ৰহণ কৰিবলৈ গৈছিল। খবৰ অনুসৰি নিজৰ ঘৰৰ পৰা সামান্য দুৰৰ বোৰ্কা চ’কত থকা স্থানীয় ডাক্তৰ শশী মোহন দাসৰ চেম্বাৰত নিজৰ পৰিয়ালৰ মানুহৰ সতে আহি চিকিৎসা গ্ৰহণ কৰাৰ পিছতে প্ৰথম অৱস্থাত নমিতাই মুৰ ঘুৰনি আৰু বমিৰ অনুভৱ কৰি পিছত মূৰ্ছা যাই বুলি জানিব পৰা গৈছে। মূৰ্ছা গৈ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতে ততাতৈয়াকৈ পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে আমিনগাঁ‌ৱস্থিত নাৰায়ণ হস্পিতালত ভৰ্তি কৰে। ইয়াৰ পিছত নমিতা নাথক হস্পিতালত উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও বুধবাৰে দিনৰ ভাগত প্ৰায় ৩১ বছৰ বয়সতে একমাত্ৰ সন্তানৰ মাতৃ নমিতাই ইহ সংসাৰৰ পৰা বিদায় মাগে। নমিতা নাথৰ অকাল বিয়োগৰ পিছত ইয়াক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া ও চাঞ্চল্যৰ সৃষ্টি হৈছে। একাংশ ৰাইজৰ অভিযোগ অনুযায়ী চিকিৎসক গৰাকীৰ ভুল চিকিৎসাৰ বলি হৈয়ে নমিতাই অকাল মৃত্যুক সাবটিলে বুলি কোৱাৰ লগতে অন্য একাংশ ৰাইজে চিকিৎসক গৰাকীৰ চেম্বাৰত কৰ্মৰত কৰ্মচাৰী দুগৰাকীৰ অভিজ্ঞতা, ডিগ্ৰী ও প্ৰশিক্ষণ প্ৰাপ্তিৰ সন্দৰ্ভত সন্দেহৰ দৃষ্টিৰে চাইছে। অভিযোগ অনুসৰি অনভিজ্ঞ আৰু বিনা প্ৰশিক্ষণ তথা কোনো ডিগ্ৰী নথকা লোকৰ দ্বাৰা চেম্বাৰৰ নাৰ্ছিং আদি সকলো কাম চিকিৎসকজনে কৰাই থকাৰ বাবে এই অনাকাংক্ষিত ঘটনা ঘটিবলৈ পালে বুলি অঞ্চলবাসী ৰাইজে ইয়াক লৈ নানা গুণাগঁথা চলাইছে। একাংশ ৰাইজে ডাক্তৰ দাসৰো মেডিকেল ডিগ্ৰীৰ বৈধতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি শীঘ্ৰে ইয়াৰ অনুসন্ধান বিচাৰিছে।

উল্লেখ্য যে, ইয়াৰ পুৰ্বেও উক্ত চিকিৎসক জনৰ ভুল চিকিৎসাৰ বাবে একাংশ ৰোগীয়ে হাৰাশাস্তি ভোগ কৰিছে বুলিও অভিযোগ উত্থাপিত হৈছে। তাৰোপৰি সামাজিক মাধ্যমটো নমিতাৰ অকাল মৃত্যু সন্দৰ্ভত যথেষ্ট চৰ্চা হোৱাত অধিকাংশই চিকিৎসকৰ গাফিলতিয়ে নমিতাৰ কাল হ’ল বুলি কোৱাৰ লগতে প্ৰতিগৰাকীয়ে নমিতাৰ মৃত্যুত গভীৰ দুখ ও শোক প্ৰকাশ কৰি ইয়াৰ উচিত তদন্ত আৰু দোষীৰ শাস্তি বিচাৰিছে। সেয়েহে আৰক্ষী তথা কামৰূপ জিলা প্ৰশাসনৰ উপৰিও স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াই উক্ত ঘটনাৰ লগতে ডাক্তৰ ও তেখেতৰ কৰ্মচাৰীৰ অভিজ্ঞতা, ডিগ্ৰী আদিৰ পৰীক্ষণ কৰি অনুসন্ধানৰ জৰিয়তে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজৰ লগতে সচেতন মহলে তেখেত সকলক আহ্বান জনোৱাৰ উপৰিও নমিতাৰ অকাল মৃত্যুৰ ক্ষতিপূৰণৰ দাবী জনাই তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ তথা বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Close