অসমশীৰ্ষ

মণিকুন্তলা ভট্টাচাৰ্যলৈ ২০১৮ বৰ্ষৰ “চম্পাৱতী বটাঁ” 

প্ৰথম খবৰ,বঢ়মপুৰ: মানুহে সপোন দেখিবলৈ শুৱ নালাগে, মানুহে সপোন বিঘ্নিত কৰিবলৈহে শুৱ লাগে। মানুহে আজিৰ দিনটোত কাইলৈ কৰিব লগা কামৰ পৰিকল্পনা সৃষ্টি কৰিব লাগে–এই মন্তব্য অসমৰ প্ৰতিথযশা সাহিত্যিক তথা বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্যৰ। সোমবাৰে নগাঁও জিলাৰ পুৰণিগুদাম সমীপৱৰ্তী চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “চম্পাৱতী বঁটা” প্ৰদান কাৰ্যসূচীত অংশগ্ৰহন কৰাৰ লগতে ২০১৮ বৰ্ষৰ চম্পাৱতী বটাঁ গ্ৰহন কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে আৰু কয় বুৰঞ্জীয়ে আমাক বহু কথা কৈ যায় কিন্তু বুৰঞ্জী পুথিভঁৰালত ৰৈ যায়।চাপানালা সন্দৰ্ভত সাহিত্যিকগৰাকীয়ে কয়, চম্পাৱতী জলপ্ৰপাত বনভোজস্থলী নহয় এক আটকধুনীয়া পৰ্যটন ক্ষেত্ৰ হ’ব লাগে। চাপানালাত অতীতৰ আপুৰুগীয়া বস্তুৰ ভগ্নাৱশেষ পোৱা যায়৷ এই সমূহ বস্তু চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। চাপানালা অঞ্চলবাসীয়ে চম্পাৱতীক সাৱটি জীয়াই আছে। এই চাপানালাত সকলো জাতি-জনগোষ্ঠী মিলি অনুষ্ঠান উদযাপন কৰে । এইবাবে চাপানালা অসমৰ গৌৰৱৰ প্ৰতীক বুলি কৈ সাহিত্যিক গৰাকীয়ে কয় মোক প্ৰদান কৰা চম্পাৱতী বটাঁ মোৰ শিৰৰ মুকুট হৈ থাকিব আৰু এই চম্পাৱতী বটাঁই টৰ্চ লাইটৰ জৰিয়তে আন্ধাৰত থকা চাপানালাক পোহৰৰ বাট দেখুৱাব। চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল গায়নে আদৰণি ভাষন দিয়া সভাখনত ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক মোহিনী মোহন ডেকা,প্ৰাক্তন শিক্ষক বিদ্যানাথ বৰা আৰু পৰিচালনা সমিতিৰ সভাপতি যুগান্ত দৈমাৰী উপস্থিত থাকে৷ উক্ত সভাতেই বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যক চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চম্পাৱতী বটাঁ প্ৰদান কৰে। উক্ত বটাঁত সম্বৰ্ধনা পত্ৰ,অংগ বস্ত্ৰ,জাপি,স্মাৰক,স্কাপ,কিতাপৰ টোপোলা,ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা আগবঢ়োৱা মাননি আৰু শুভেচ্ছামূলক সম্বৰ্ধনা আছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে সমৱেত সংগীত পৰিৱেশনৰ জৰিয়তে শুভাৰম্ভ কৰা সভাখনতেই বিদ্যালয়খনৰ অধ্যক্ষা পাৰুল গায়নে কিংবদন্তি অনুসৰি হংধ্বজ ৰজাৰ পত্নী ৰাণী প্ৰভাৱতীৰ চকুলোৰে সৃষ্টি হোৱা চম্পাৱতীৰ ওপৰত ৰচনা কৰা এটি সুমধৰ কবিতা আবৃত্তি কৰে বিদ্যালয় খনৰ ছাত্ৰী তৰালী ফুকনে। বিদ্যালয়খনৰ শিক্ষক প্ৰণৱ হাজৰিকা আৰু হেৰম্ব প্ৰসাদ গোস্বামীয়ে আঁতধৰা সভাখনতেই বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক চাপানালা শাখা ছাত্ৰ সন্থাৰ ফালৰ পৰায়ো আদৰণি জনায়। উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ ফালৰ পৰা প্ৰকাশ কৰি উলিওৱা “চম্পাৱতী” নামৰ প্ৰাচীৰ পত্ৰিকাখন নগাওঁ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নেওঁগে উন্মোচন কৰে । ইয়াৰ পাছতেই কেনভাজত চিত্ৰ অংকনৰ এক কাৰ্যসূচী অনুষ্ঠিত হয় । উক্ত কাৰ্যসূচীত গ্ৰীণিজ বুকৰ ৱৰ্ল্ড ৰেকৰ্ড কৰোতা তথা বিশিষ্ট চিত্ৰশিল্পী সুজিত দাস আৰু চাপানালাৰ স্থানীয় চিত্ৰশিল্পী জ্যোতিকা বৰা ভূঞাই অংশগ্ৰহন কৰে। বঁটা প্ৰদানৰ সভাখনত চাপানালা অঞ্চলৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close