অসমশীৰ্ষ

শিৱসাগৰ জিলাৰ আমগুৰিত চৰকাৰী বিভাগতে মহাত্মা গান্ধীৰ ছবি বিকৃতকৰণ

প্ৰথম খবৰ, নামতি: শিৱসাগৰ জিলাৰ আমগুৰিত জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি বিকৃতকৰণ ৰূপত উপস্থাপন কৰাৰ ঘটনা পোহৰলৈ আহিছে। খোদ চৰকাৰী বিভাগতে বিকৃতকৰণ কৰা হৈছে মহাত্মাৰ ছবি।
এতিয়া জাতিৰ পিতা মহাত্মাৰ ছবি বিকৃতকৰণ কৰি উপস্থাপন কৰা কাণ্ডত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ৰাজ্যৰ এম জি এনৰেগা আঁচনিৰ নামফলকত মহাত্মা গান্ধীৰ ছবি অংকন কৰাটো বাধ্যতামূলক যদিও একাংশ ৰাইজৰ প্ৰতিনিধিৰ অবিবেচক কাণ্ডৰ বাবে মহাত্মা গান্ধীৰ ছবি বিকৃতকৰণ হোৱাত গৰজি উঠিছে সদৌ টাই আহোম ছাত্ৰ সন্থা।

আমগুৰি আৰু গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ বৰাহীবাৰী আৰু হাতীঘূলী গাঁও পঞ্চায়তৰ একাংশ এম জি এনৰেগা আঁচনিৰ ফলকত মহাত্মা গান্ধী ছবি বিকৃতকৰণ কৰি চৰম অপমান কৰা কাৰ্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
এই ঘটনাক আটাছু আমগুৰি আঞ্চলিক সমিতিয়ে জাতিৰ পিতাক এনেদৰে বিকৃতকৰণ কৰি অংকন কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। জাতিৰ পিতাৰ আদৰ্শ আৰু ত্যাগক চৰম ভেঙুচালি কৰি অপমান কৰা কাৰ্যক সহ্য কৰা নহ’ব বুলি প্ৰকাশ কৰিছে।

সমগ্ৰ বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাই ব্যৱস্থা ল’বলৈ দাবী জনাইছে।

Related Articles

Leave a Reply

Close