অসম

শ্ৰমিকৰ প্ৰতিবাদত উত্তাল দুলীয়াজানৰ ফেবটেক প্ৰতিষ্ঠান

প্ৰথম খবৰ,দুলীয়াজান: শ্ৰমিকৰ সুৰক্ষা আৰু অধিকাৰ সাব্যস্ত কৰি আজি পুৱাৰে পৰা পুনৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদত অচল হৈ পৰে দুলীয়াজানৰ মধুবনস্থিত ফেবটেক প্ৰতিষ্ঠান।
উল্লেখ‍্য যে, ব্যক্তিগত প্ৰতিষ্ঠান ফেবটেকৰ কৰ্তৃপক্ষই দীৰ্ঘদিনৰ পৰা শ্ৰমিকক ন‍্যাৰ্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি আহিছে। এইক্ষেত্ৰত অনিয়মীয়া দৰমহাকে ধৰি অন্যান্য আনুষংগিক সমস্যা সমাধানৰ দাবীত প্ৰতিষ্ঠানটোৰ মেকানিকেল বিভাগৰ শ্ৰমিকসকলে আজি পুৱাৰে পৰা ঠিকা প্ৰতিষ্ঠানটোৰ প্ৰৱেশদ্বাৰত তলা ওলমাই কৰ্তৃপক্ষৰ বিৰোধী শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিনযোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্ততঃ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ সৈতে শ্ৰমিকসকলে এক আলোচনাত মিলিত হয়। আলোচনামৰ্মে অতিশীঘ্ৰে শ্ৰমিকৰ দাবী সমূহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত শ্ৰমিকসকলে সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখে।

Related Articles

Leave a Reply

Close