অসমগোৱালপাৰা

সংবাদ মেলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ,১২ ফেব্ৰুৱাৰীত ২৪ ঘন্টীয়া চকা বন্ধৰ আহ্বান

দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী,প্ৰথম খবৰ: মটৰ শ্ৰমিক সকলৰ বাবে কল্যাণ আচনি প্ৰৱৰ্তন কৰা,পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু মটৰ শ্ৰমিক, মটৰ মালিক বিৰোধী ১৯৮৮ চনৰ ভেহিকেল আইন সংশোধনীৰ প্ৰতিবাদত সদৌ অসম মটৰ যৌথ সমিতিয়ে অহা ১২ ফেব্ৰুৱাৰীত ২৪ ঘন্টীয়া চকাবন্ধৰ আহ্বান জনাইছে। আজি দুধনৈস্থিত ট্ৰাক কৰ্মচাৰী মালিক সন্থাৰ কাৰ্যালয়ত অনুস্থিত এক সংবাদ মেলত গোৱালপাৰা ট্ৰাক সন্থাৰ সম্পাদক ওমৰ আলীয়ে কয় যে-আজিলৈ মটৰ শ্ৰমিক সকলৰ বাবে চৰকাৰে এখন কল্যাণ আচনি প্ৰস্তুত নকৰা, পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি হ্ৰাস কৰা, মটৰ শ্ৰমিক, মটৰ মালিক পৰিবহন উদ্যোগৰ লগতে ৰাজ্যৰ স্বাৰ্থৰ পৰীপন্থী ১৯৮৮ চনৰ মটৰ ভেহিকেল আইন সংশোধন কৰিব খোজা প্ৰস্তাব বাতিল কৰা আৰু প্ৰদুষণ বিহীন ই-ৰিক্সা চালকৰ ক্ষেত্ৰত নিষেধাজ্ঞা আতৰ কৰাৰ লগতে পঞ্জীয়ন প্ৰণালী সহজলভ্য কৰাৰ দাবীত অনিচ্ছাকৃত ভাৱে এই বন্ধৰ আহ্বান জনোৱা হৈছে। ই-ৰিক্সা সন্থাৰ সভাপতি ননী কুমাৰ দাসে জানিবলৈ দিয়া মতে জিলাখনৰ নিবনুৱা যুবক সকলে ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়াৰ চেষ্টা কৰিছে যদিও বহু ই-ৰিক্সা চালকে পঞ্জীয়ন কৰিব পৰা নোৱাৰাৰ ফলত নানান সমস্যাৰ সন্মুখীন হৱাৰ লগতে এম ভিআইৰ দ্বাৰা হাৰাশাস্তি ভোগকৰিব লগা হৈছে। আনহাতে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত ড্ৰাইভিং লাইচেন্স নবীকৰণ নামত ৫ টকাৰ ঠাইত ৫০ টকা লৈ শ্ৰমিক সকলৰ ওপৰত কৰা অন্যায়ৰ প্ৰতিবাদত বাধ্যহৈ এই বন্ধ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। এই বন্ধৰ পৰা অত্যাবশ্যকীয় সেৱা সমুহ ৰেহাই দিয়া হৈছে। সংবাদমেলত কৃষ্ণাই মটৰ শ্ৰমিক সন্থাৰ সভাপতি পৰিতোশ সাহা, লক্ষীপুৰ বাছ মালিক সন্থাৰ সভাপতি ওজা আলী, দধনৈ পিক আপ সন্থা, টেক্সী ড্ৰাইভাৰ  সন্থাৰ লগতে জিলাখনৰ কেবাটাও পৰিবহন সন্থা উপস্থিত আছিল।

Related Articles

Leave a Reply

Close