
নিউজ ডেস্ক, প্ৰথম খবৰঃ বাংলাদেশী অনুপ্ৰৱেশৰ ওপৰত এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে দেশৰ সেনা প্ৰধান বিপিন ৰাৱটে। তেখেতে উল্লেখ কৰে যে, অসমত বাংলাদেশী অনুপ্ৰৱেশ অব্যাহত আছে তথা মুছলমানৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে অসমত। লগতে উত্তৰ-পূৱ দখলৰ কুচকাৱাজ পাকিস্তানে কৰি আছে বুলি মন্তব্য কৰে। এআইইউদিএফ সম্পৰ্কেও সেনা প্ৰধানজনে বিস্ফোৰক মন্তব্য কৰে আৰু কয় যে, বিজেপিতকৈ দ্ৰুতগতিত উত্থান হৈ আছে এআইইউদিএফৰ। অসমৰ পাঁচখন জিলাৰ জন-গাঁঠনি অস্বাভাৱিকভাৱে সলনি হৈ থকাক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে আৰু মন্তব্য কৰে যে এই সলনি পাঁচৰ পৰা আঠ হ’ব গৈ আছে আৰু জিলালৈ পৰ্যবসিত হ’ব অনতিপলমে। এনেকুৱা হ’লে ইয়াৰ বাবে কাৰ্যবাহী চৰকাৰেই দায়ী হ’ব বুলি আক্ষেপ কৰে সেনা প্ৰধান বিপিন ৰাৱটে।