অসমশীৰ্ষ

সোণাৰিত নগাৰ তাণ্ডৱ,আটক পাঁচ নগা যুৱক

সোণাৰিৰ পৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ:এইবাৰ খোদ অসমৰ সোণাৰি নগৰৰ মাজ মজিয়াতে নগাই প্ৰহাৰ কৰিলে অসমীয়াক।সামান্য কথাতে সোণাৰি নগৰৰ মাজমজিয়াৰ “মা-কালী”নামৰ হোটেল খনত ছয় জন নগা যুৱকে ভাত খাই পৰৱৰ্তী সময়ত ভাতৰ বিপৰীতে টকা আদায় নিদি হোটেল খনৰ স্বত্তাধিকাৰী তথা মেনেজাৰ মান্না পালক প্ৰহাৰ কৰাত নগৰ খনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষীয়ে কানুবাৰীৰ ৱাংলাম ৱাংজাম ,মনতোম ৱাংজাম,চাহুম ৱাংজাম,টিংলাম ৱাংজামৰ লগতে অন্য এজন মুঠ পাঁচ জন নগা যুৱকক আটক কৰিছে। ইয়াৰে ৱাংলাম ৱাংজামে সামান্য কথাতে হোটেল খনৰ মেনেজাৰ তথা স্বত্তাধিকাৰী মান্নাক প্ৰথমে প্ৰহাৰ কৰাৰ পাছতেই অন্য নগা যুৱক কেইজনে মিলি উপৰ্যুপৰি হোটেলৰ অন্য কৰ্মচাৰীকো প্ৰহাৰ কৰে।নগৰৰ মাজ মজিয়াত এইদৰে হোটেলৰ স্বত্তাধিকাৰী ৰ লগতে অন্যান্য কৰ্মচাৰীক মাৰপিট কৰি পলায়ন কৰিব বিছাৰোতেই একাংশ লোকে আটক কৰি সোণাৰি আৰক্ষীক চমজাই দিয়ে যদিও এজন নগা যুৱক পলায়ন কৰে।

Related Articles

Leave a Reply

Close