অসমগুৱাহাটীশীৰ্ষ

সৰ্বাই চপাইছে,ৰাইজে পেলাইছে!গুৱাহাটী পৰিষ্কাৰকৰণত ৰাইজে সহায় নকৰে কিয়?

ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ: এডভাণ্টেজ অসমক ব্যস্ত হৈ পৰিছে সৰ্বা চৰকাৰ তথা প্ৰশাসন। দেশ বিদেশৰ বিনিয়োগকাৰীৰ আগমনেৰে ভৰি পৰিছে গুৱাহাটী। সজাই পৰাই তোলা হৈছে মহানগৰীখন কিন্তু সজাই পৰাই তুলিব পৰা নাই মহানগৰীৰ তথাকথিত মুখা পিন্ধা ভদ্ৰলোক সকলোৰ মানসিকতা। ইপিনে যদি চৰকাৰে মহানগৰীখন চিকুণাই ৰখাৰ প্ৰয়াস কৰিছে এচামে আকৌ মহানগৰীখন কদৰ্য্যময় কৰাত উঠি পৰি লাগিছে। চৰকাৰে কোটি টকা ব্যয় সাপেক্ষে এডভাণ্টেজ অসম সফল কৰাৰ বাবে চহৰৰ বাট,পথ বিদ্যুৎ সংযোগকে আদি কৰি সজাই তুলিছে মহানগৰীৰ নামি দামি হোটেলবোৰ।

জাবৰ নিষ্কাসনৰ বাবে তৎপৰ হৈ পৰিছে মহানগৰ পৌৰ সভা, চহৰৰ অলিয়ে গলিয়ে গৈ তেওঁলোকে উঠাইছে জাবৰ। তৎসত্বেও এচাম লোকৰ স্বভাৱৰ যেন পৰিৱৰ্তন নহয়। মহানগৰখন আধুনিকীকৰণৰ যিমানেই ব্যৱস্থা গ্ৰহণ নকৰক কিয় এইসকল লোকে মহানগৰীখন কদৰ্য কৰি হে এৰিব। য’তে ততে জাবৰ পেলোৱাকে আদি কৰি পাণৰ পিক চুণৰ দাগ এইসকল লোকৰে অৱদানৰ ফল। মহানগৰী যিমানেই আধুনিক নহওক কিয় এওঁলোকৰ মন মগজু কেতিয়াও আধুনিক নহয়। ভৰলু নৈৰ অস্তিত্ব আজি বিপদাপন্ন এইচাম লোকৰ বাবে,নবীন নগৰ, অনিল নগৰৰ বানপানী এইচাম লোকৰ সৃষ্ট। এতিয়া কথা হ’ল কোটি টকা ব্যয় কৰি অনুষ্ঠিত কৰা এডভাণ্টেজ অসমৰ সফলতা চৰকাৰে কিদৰে নিৰ্ণয় কৰিব যেতিয়ালৈকে মহানগৰীৰ কদৰ্য্যময় পৰিৱেশৰ সলনি নহয়।

চৰকাৰে এডভাণ্টেজ অসমক লৈ যি তৎপৰতা দেখোৱাইছে এই তৎপৰতা যেন সদায় দেখোৱাই। কাৰণ দুদিনৰ অনুষ্ঠান এটাত চমক দিবলৈ বা দেশী-বিদেশী বিনিয়োগকাৰিক মহানগৰীৰ আচল ৰূপ লুকুৱাই নকল ৰূপ দেখোৱাটো চৰকাৰৰ এক বৃথা প্ৰয়াস হে মাথোঁ! চৰকাৰৰ এই বৃথা প্ৰয়াস তেতিয়া হে সফল হ’ব যেতিয়া এনেকুৱা তৎপৰতা সদায় হ’ব আৰু গুৱাহাটী মহানগৰী দেখাত শুৱনি হ’ব আৰু তেতিয়া হে এডভাণ্টেজ অসমৰ দৰে অনুষ্ঠান সফল হোৱা বুলি ধৰা হ’ব।

Related Articles

Leave a Reply

Close