অসম

হোলীক কেন্দ্ৰ কৰি ঢকুৱাখনাত উখল মাখল পৰিবেশ

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঢকুৱাখনাৰ বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত আজিৰে পৰি আৰম্ভ হোৱা দৌলযাত্ৰাৰ প্ৰথম দিনা পুৱাৰে পৰা এক ভক্তিময় পৰিবেশ সৃষ্টি হৈছে। সত্ৰৰ চাৰিহাটীৰ চৌহদত বহা বাণিজ্য মেলাত বিভিন্ন সামগ্ৰীৰ বিপণীৰ সমাবেশেৰে উখল-মাখল হৈছে। বিভিন্ন দেৱ-দেৱীৰ ক্ষুদ্ৰ মূৰ্তিৰ পৰা ঘৰুৱাভাৱে তৈয়াৰী সৰিয়হৰ পকা তেল, খাৰলি, পানীটেঙা, পকা মিঠৈলৈ গ্ৰাহকক আকৃষ্ট কৰা সামগ্ৰীৰ প্ৰয়োভৰ ঘটিছে দৌলযাত্ৰাৰ মেলাত। সন্ধিয়া সত্ৰাধিকাৰে বন্তি প্ৰজ্বলনৰ পিছতেই দৌলযাত্ৰাৰ লগত সংগতি ৰাখি দেবেন্দ্ৰ দেৱ গোস্বামীৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰ পিছতেই অধিবাস, গন্ধপৰ্ব, ইত্যাদি মাংগলিক অনুষ্ঠান চলে। আৰু নিশাৰ ভাগত দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

Related Articles

Leave a Reply

Close