অসম

ৰঙিয়াত ষ্টেচনত অচিনাক্ত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,ৰঙিয়াঃ ৰঙিয়া ৰে’ল ষ্টেচনৰ  পূৱ দিশত থকা ৰে’ল লাইনৰ (ইণ্ডিয়া গেটৰ) সমীপত আজি এটি মৃতদেহ উদ্ধাৰ হয়। ষ্টেচনৰ পূব দিশত থকা পথৰে স্থানীয় ৰাইজে অহা যোৱা কৰোতে এটি মৃতদেহ দেখা পাই ৰে’ল আৰক্ষীক(জি আৰ পি)  খবৰ দিয়ে। লগে লগে ৰে’ল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অচিনাক্ত মৃত লোকজনৰ অনুমানিক বয়স ৪৫ বছৰ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। পিন্ধনত ৰঙা ৰঙৰ টি-চাৰ্ট, ক’লা জেকেট, পেন্ট আৰু হাৱাই-চেন্দেল পৰিধান কৰা মৃত লোকজনৰ বৰ্তমানলৈকে কোনো অভিভাৱক ওলোৱা নাই।

Related Articles

Leave a Reply

Close