অসম

ৰূপহীহাটত ৭ জুৱাৰী আটক

প্ৰথম খবৰ,ৰূপহীহাট: ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত মাগুৰমাৰী গাঁৱৰ পৰা যোৱানিশা কাৱৈমাৰী আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে অভিয়ান চলাই ৭ জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আটক কৰা জুৱাৰীকেইজন হ’ল মুৰি পুথিখাইটী গাঁৱৰ নুৰুল ইছলাম (২২) ছাইফুল ইছলাম (২৮) কদমগুৰি গাঁৱৰ খলিলুৰ ৰহমান (৩৫) শিৰাজুল ইছলাম (৩৪) নিজাম উদ্দিন (২০) কাৱৈমাৰী গাঁৱৰ ইছমাইল আলী (৫৮) নিজাম উদ্দিন (২০) আৰু মাগুৰমাৰী গাঁৱৰ আব্দুল মালেক (৫০) ক আটক কৰে ৷ আৰক্ষীযে জুৱাৰী কেইজনৰ পৰা নগদ ৩৩৫০ টকা ৪টা মবাইল হেণ্ডছেট আৰু ৪ টা টৰ্চলাইট উদ্বাৰ কৰে ৷ আৰক্ষীয়ে জুৱাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, উক্ত চক্ৰটোৱে মাগুৰমাৰী অঞ্চলত দীৰ্ঘদিন ধৰি জুৱা খেলৰ ব্যৱসায় চলাই আহিছিল ৷

Related Articles

Leave a Reply

Close