অসমগুৱাহাটীশীৰ্ষ

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ গুণ্ডাগিৰী,প্ৰহাৰ কৰিলে বিয়াঘৰৰ দৰা কইনাক

নিউজ ডেস্ক,প্ৰথম খবৰঃ ক্ৰমাৎ যেন পূৰ্বৰ গৰিমাত কালিমা সানি আছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ একাংশ উদণ্ড ছাত্ৰই। যোৱা নিশা জালুকবাৰীৰ সুন্দৰবড়ীত বিয়াঘৰত প্ৰৱেশ কৰি দৰা–কইনা পক্ষৰ মানুহক প্ৰহাৰ কৰা ঘটনাই উদঙাই দিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ উশৃংখলতাৰ প্ৰকৃত স্বৰূপ। একাংশ উদণ্ড ছাত্ৰই নিজকে বাহুৱলী সজাই  হাতে হাতে লাঠি, হকী ষ্টীক লৈ নামি পৰিল সমুখ সমৰত।

প্ৰাপ্ত তথ্য মতে, নিশা জালুকবাৰীৰ সুন্দৰবড়ীত এক বিয়াঘৰত বিয়া চলি থকা মূহুৰ্তত নিশা প্ৰায় ২ বজাত এইচি ৰ ৩ শতাধিক ছাত্ৰই কইনাঘৰত প্ৰৱেশ কৰি দৰা–কইনা লগতে দুয়োপক্ষৰ যুৱতী, মহিলাক প্ৰহাৰ কৰাৰ লগতে লণ্ডভণ্ড কৰিলে বিয়াৰ পেণ্ডেল, চকী আৰু বিয়াৰ কাৰ্য্যত ব্যৱহৃত ৪/৫খনকৈ গাড়ী।

গুণ্ডাৰূপী ছাত্ৰ দলটো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১ নম্বৰ ছাত্ৰাবাসৰ আবাসী। নিশা প্ৰথমে, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত দাম্পাৰ চালকৰ মাজত কিছু কাজিয়া আৰু হতাহতিৰ সৃষ্টি হয়,শেষত চালককেইজন পলাই যায় যদিও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ কেইজনে পলাই যোৱা চালককেইজন বিয়া ঘৰত আশ্ৰয় লোৱা বুলি সন্দেহ কৰি বিচাৰি হুলস্থুল পৰিবেশৰ সৃষ্টি কৰি আৰু চালককেইজনক উলিয়াই দিবলৈ চিঞৰ বাখৰ কৰে। শেষত বিয়াঘৰৰ এজনী ছোৱালীয়ে তেওঁলোকে বিচাৰি যোৱা ব্যক্তি কেইজন তাত নাই বুলি কৈ ছাত্ৰসকলক উভতি যাবলৈ অনুৰোধ জনায়। কিন্তু এইখিনিতে ক্ষান্ত নাথাকি উদণ্ড ছাত্ৰৰ দলটোৱে কইনা ঘৰৰ ছোৱালীজনীক বিভিন্ন অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ উপৰিও প্ৰহাৰ কৰিবলৈ উদ্যত হয় আৰু বিয়া ঘৰৰ সকলো সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে।

পিছত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত অৰ্ধসামৰিক বাহিনীৰ সহায়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পূৰ্বতেও অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ এনে উদ্ভণ্ডালিৰ বিৰুদ্ধে আৰক্ষী তথা মহাবিদ্যালয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

অইনবাৰৰ দৰে এইবাৰো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰসকলে দোহাই দি এনে জঘন্য ঘটনা সংঘটিত কৰিও সাৰি যাব নেকি বুলি বিভিন্ন সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Close