অসমবিনোদনশীৰ্ষ

জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে গোচৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ শিশুৰ সৈতে যৌন আতিশৰ্য্য চলোৱাৰ অভিযোগত অসমৰ জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে আজি সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ এটা দলে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগত ৰুজু কৰে এক গোচৰ৷

এটা টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব’ৰ দৃশ্যগ্ৰহণৰ আগমূহুৰ্তত পাপনৰ ফেচবুক পেজৰ পৰা পোনপটীয়া সম্প্ৰচাৰ হৈছিল আৰু তাতেই পাপনে শ্ব’ৰ এগৰাকী প্ৰতিযোগীক চুম্বন দিয়া পৰিলক্ষিত হৈছিল, যিটো বৰ্তমান সময়ত ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ আৰু ভিন্নজনে বৰ্তমান শিল্পীজনৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে৷

যাৰ কাৰণে “Protection of Children from sexual offence act, 2012″ওপৰত ভিত্তি কৰি শিশুৰ শৰীৰৰ কোনো অংগত স্পৰ্শ কৰাৰ অভিযোগত অধিবক্তাৰ দলটোৱে পাপনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷

Related Articles

Leave a Reply

Close