অসম

আধৰুৱা হৈ ৰ’ল ডিৰাকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান:কাৰিকৰী শিক্ষা পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

কাকপথাৰৰ পৰা সত্যজীৎ চেতিয়া,প্ৰথম খবৰ:বহু দিনীয়া এটা সপোন বাস্তৱত ৰূপায়িত হ’ব বুলি আশা কৰিছিল ডিৰাকৰ অঞ্চলবাসীয়ে। আশা কৰিছিল এতিয়া আৰু ঔদ্যোগিক প্ৰক্ষিক্ষণৰ বাবে তিনিচুকীয়া নতুবা অসমৰ বেলেগ ঠাই লৈ যাব লগীয়া নহয় ইয়াৰ যুৱক-যুৱতী।কিন্তু আশা আশা হৈয়ে ৰ’ল এই সকল সৰ্বসাধাৰণ লোকৰ। ২০১৬ চনতে পাঠদান আৰম্ভ হ’ব বুলি কোৱা প্ৰতিষ্ঠানখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল আজিলৈকে। ২০১৪ চনতে আধাৰশিলা স্থাপন কৰা প্ৰতিষ্ঠানখনত প্ৰায় দুশ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কাৰিকৰী বিভাগত প্ৰশিক্ষণ লাভ কৰিব পৰা কৈ নিৰ্মাণ কৰিছিল যদিও ঠিকাদাৰ আৰু স্থানীয় একাংশ  নেতাৰ বুজাপৰাত ৰহস্যজনক ভাৱে আধাতে কাম সামৰাৰ অভিযোগ উত্থাপিত হৈছে। ডিৰাকৰ জনৈক শিশু উদ্যোনৰ নামত থকা মাটি ডোখৰত অঞ্চলটোৰ উন্নতি হকে এনে এটা মহৎ কায্যত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখনক দান কৰিছিল যদিও আজিলৈকে নিৰ্মাণকাৰ্যই সম্পূৰ্ণ হৈ নুঠাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঔদ্যোগিক প্ৰতিষ্ঠানখন নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ নুঠোতেই দেৱালত ফাঁট মেলা দেখিবলৈ পোৱা গৈছে। এই কাৰ্যক সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজে। এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপৰ কামনা কৰা লগতে অতি সোণকালে নিৰ্মাণ সম্পূৰ্ণ কৰি পাঠদান আৰম্ভ কৰাৰ ক্ষেত্ৰত এক ব্যৱস্থা ল’বলৈ আহ্বান জনোৱাৰ লগতে স্থানীয় দল-সংগঠন সমূহক মহৎ অনুষ্ঠানটোৰ উন্নয়নৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছে স্থানীয় সচেতন ৰাইজে। ইফালে প্ৰতিষ্ঠানটোত জুৱা আদ্দা,মাদক দ্ৰব্য সেৱন স্থলীলৈ পৰিণত হৈছে।

Related Articles

Leave a Reply

Close