অসম

অৰুণাচলৰপৰা অসমলৈ অনা ৮খন কাঠ আৰু কয়লা কঢ়িওৱা ট্ৰাক জব্দ

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ: দৈনিক অৰুণাচলৰপৰা অসমলৈ কাঠ আৰু কয়লা ট্ৰাক ধাৰাবাহিকভাৱে আহি আছে। অৰুণাচলৰপৰা অসমলৈ ট্ৰাক যোগে কঢ়িয়াই অনা কয়লা আৰু কাঠ অনাৰ কালত তেজপুৰৰ মিচন চাৰিআলিত তেজপুৰ যানবাহন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰাৰ কালত কয়লা কঢ়িওৱা এ এচ -০১ ডি ডি ৬৭৫২,এ এচ ০১ ডি চি ৮০৭৪,এন এল ০১এল ৭৬৭৪,ইউ পি ১৩ টি ৩৮৩৯,ইউ পি ১৩ টি ৪২২৭ আৰু বি আৰ ২৮ এচ ০৬০২ আৰু কাঠ কঢ়িওৱা এ এছ ০১জি চি ৩৮২৮  আৰু এ এছ জি চি ৯৬২৬ নম্বৰ ট্ৰাক জব্দ কৰে। আৰক্ষীৰ যান বাহন শাখাই ট্ৰাক সমূহৰ তথ্য নাপাই আৰু অধিক কয়লা আৰু কাঠ কঢ়িয়াই বাবে অবৈধভাৱে অনাৰ বাবেই জব্দ কৰা বুলি জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close