অসমশীৰ্ষ

আজিৰেপৰা নগাঁৱত কেওট জাতীয় পৰিষদৰ অধিবেশন

বেবেজিয়াৰপৰা নীলকমল বৰা, প্ৰথম খবৰ: অসমৰ খিলঞ্জীয়া অন্যতম বৃহৎ জনগোষ্ঠী কেওট সম্প্ৰদায়ৰ উমৈহতীয়া সংগঠন সদৌ অসম কেওট জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক ৰাজ্যিক অধিবেশনখনি আজিৰেপৰা নগাঁও জিলাৰ ৰাইদঙীয়াৰ বৰিবজাৰত অনুষ্ঠিত হয়।

পৰিষদৰ ৰাজ্যিক সভাপতি ড° অৰূপ কুমাৰ বৰাই পতাকা উত্তোলন কৰাৰ পিছতেই কার্যসূচীৰ আৰম্ভণি। দিনৰ ১০ বজাত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু দুপৰীয়া ২ বজাৰপৰা প্ৰতিনিধি সভা।

৩ বজাত সদৌ অসম কেওট যুৱ-ছাত্ৰ পৰিষদ আৰু মহিলা পৰিষদ গঠন কৰা হ’ব। সন্ধ্যা ৬ বজাৰপৰা প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ’ব। ১ এপ্ৰিলৰ পুৱা উষা কীৰ্তন। ইয়াৰ পিছতেই অনুষ্ঠিত হ’ব বিশাল সাংস্কৃতিক শোভাযাত্ৰা।

শোভাযাত্ৰাত কেওটসকলৰ বিশাল সাংস্কৃতিক দিশটো প্ৰতিফলিত হ’ব। দিনৰ ১১ বজাৰপৰা অনুষ্ঠিত হ’ব মুকলি সভা। মুকলি সভাত কেওট সম্প্ৰদায়ৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্ত, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, বিধায়ক মৃণাল শইকীয়া উপস্থিত থাকিব।

লগতে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, স্থানীয় বিধায়িকা আঙুৰলতা ডেকা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকিব। পৰিষদৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি বিপুল কুমাৰ গায়ন আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি ভূঞাই সকলো কেওট সম্প্ৰদায় তথা শুভাকাংক্ষী লোকৰ উপস্থিতি কামনা কৰিছে।

Related Articles

Leave a Reply

Close