অসম

আজৱ: নিৰ্মাণ হ’ল, ৮ বছৰে মুকলিহে নহ’ল এটা অস্ট্ৰোপচাৰ কক্ষ

প্ৰথম খবৰ,মঙ্গলদৈ/দেওমৰনৈ:ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই উদ্বোধন কৰিছিল এই অষ্টোপচাৰ কক্ষটি।চিকিৎসালয় খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বটো আছে খোদ বিধায়ক গৰাকী। ইয়াৰ পিছতো ৮ বছৰো চিকিৎসালয় খনৰ অস্ট্ৰোপচাৰ কক্ষ মুকলি নোহোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে। চিকিৎসালয়খনত নাই কোনো বিষেশজ্ঞ চিকিৎসক
দৰং জিলাৰ ছিপাঝাৰৰ দেওমৰনৈত ৩০খন বিচনা যুক্ত দেওমৰনৈ সামুহিক চিকিৎসালয়খনৰ অস্ট্ৰোপচাৰ কক্ষটি নিৰ্মাণ হোৱাৰ ৮ বছৰে মুকলি নোহোৱাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

২০১০ চনতেই ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই অষ্টোপচাৰ কক্ষটি মুকলি কৰিছিল যদিও আজি ৮ বছৰে তলা মাৰা অৱস্থাতে আছে। এই অস্ট্ৰোপচাৰ কক্ষটিত আজিলৈকে নহ’ল এটাও অস্ট্ৰোপচাৰ । খোদ ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া এই চিকিৎসালয়খৰন পৰিচালনা সমিতিৰ সভাপতি হৈ থকা পিছতো অঞ্চলটোৰ ৰাইজ উপযুক্ত চিকিৎসাৰপৰা বঞ্চিত হ’ব লগা হৈছে । লক্ষ্যণীয় যে চিকিৎসালয়খনত নাই কোনো পৰ্যাপ্ত চিকিৎসক তাৰোপৰি বিষেশজ্ঞ চিকিৎসক। চিকিৎসালয়ত খনত উপ অধীক্ষক কমলাকান্ত শৰ্মাৰ বাহিৰে বাকী দুগৰাকী চিকিৎসকে সপ্তাহৰ তিনিদিন চিকিৎসালয়ত কাম কৰি বাকী কেইটা দিন বেলেগ চিকিৎসালয়ত কাম কৰে। অহা ৩১ মাৰ্চৰ পিছত চিকিৎসালয় খনত জৰুৰী সেৱা বন্ধ হোৱাৰ উপক্ৰম ঘটিছে । কিয়নো চিকিৎসালয়খনত কৰ্মৰত এজন চিকিৎসক ৰ অৱসৰ গ্ৰহণ কৰিব তাৰোপৰি ৬ এপ্ৰিলত আন এগৰাকীয়ো ল’ব অৱসৰ। ইয়াৰ পিছত থাকিবগৈ চিকিৎসালয়খনৰ উপ অধীক্ষক কমলা কান্ত শৰ্মা। গতিকে এগৰাকী চিকিৎসকে চিকিৎসালয়খনৰ গোটেই কেইটা বিভাগ চোৱাটো সম্ভৱ পৰ নহয়। সেই বাবে চিকিৎসালয়খনৰ জৰুৰীকালীন সেৱা বন্ধ হোৱাটো খাটাং হৈ পৰিছে । ইয়াৰ পিছতো চকু মুদা কুলিৰ ভাওত চিকিৎসালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা ছিপাঝাৰৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া। চিকিৎসালয় খনৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্রত চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰীক বিষয়টি গুৰুত্ব সহকাৰে লবলৈ দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাই।

Related Articles

Leave a Reply

Close