অসম

আনন্দ মেলাৰ নামত লংকাৰ নখুটিত জুৱা খেলৰ প্ৰয়োভৰ

লংকাৰপৰা হিৰোৎপল শইকীয়া, প্ৰথম খবৰ: আনন্দ মেলাৰ নামত লংকাৰ নখুটিত মেলা স্থলীত মুকলিকৈ চলি আছে জুৱাৰ এক মুকলি বেহা।
আজি চাৰি পাঁচ দিন ধৰি উৰে নিশা নখুটি বজাৰৰ আনন্দ মেলা স্থলীৰ মাজতে একাংশ লোকে ব্যাপক হাৰত এইদৰেই চলাই গৈছে জুৱা খেলৰ প্ৰয়োভৰ। এইক্ষেত্ৰত নখুটি আৰক্ষীক স্থানীয় সচেতন লোক তথা বিভিন্ন দল সংগঠণৰ লোকে বিষয়টো অবগত কৰিছে যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত নীৰৱ ভূমিকাহে পালন কৰা দেখা গৈছে। এই জুৱা খেলসমূহত ১৪/১৫ বছৰীয়া কিশোৰৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকেও অংশ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যিয়ে অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি তুলিছে। বৰ্তমান এই আনন্দ মেলাত চলি থকা জুৱা খেলক কেন্দ্ৰ কৰি আইন শৃংখলা পৰিস্থিতি অৱনতি হোৱাৰ আশংকা কৰা হৈছে‌। সেয়েহে স্থানীয় সচেতন ৰাইজ তথা বিভিন্ন দল সংগঠণৰ লোকে মুকলিকৈ চলি থকা এই জুৱা খেল অতি শীঘ্ৰে বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।

Related Articles

Leave a Reply

Close