অসমখেল

আৰ্থিক সংকতে আগবঢ়াত বাধাৰ সৃষ্টি কৰিছ প্ৰতিভাবান ৰাষ্ট্ৰীয় খেলুৱৈৰ

প্ৰথম খবৰ,শিৱসাগৰ: চলিত বৰ্ষত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ “কমনৱেলথ পাৱাৰ লিফটিং চেম্পিয়ন‌শ্বিপ”ত ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা মিনতি দিহিঙীয়াই আজি টকাৰ অভাৱ‌ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন খেল খেলাৰ পৰা থমকি ৰ’ব লগা হৈছে। অহা ১৫ মাৰ্চৰ ভিতৰত ৬৫০০০ টকা “পাৱাৰ‌লিফটিং এছছিয়েছন”ক জমা দিব লাগে। সেয়েহে খেলুৱৈগৰাকীয়ে সমূহ অসমবাসীৰ ওচৰত তেওঁ সহায়ৰ ভিক্ষা কৰিছে। অসমৰ দয়ালু ব্যক্তি তথা দল-সংগঠনে তেওঁক সহায় কৰিব বুলি তেওঁ আশা কৰিছে। তেওঁক সহায় কৰিব বিচৰাসকলক ৮১৩৫০৬২৯৭০ নম্বৰ‌ত যোগাযোগ কৰিব‌লৈ অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close