অসম

কাৰ্বি আংলঙত মহিলা আত্ম-সহায়ক গোটৰ চমক: দৰিদ্ৰ পৰিয়ালৰ মহিলাক অটো’ ৰিক্সা প্ৰদান

প্ৰথম খবৰ,খেৰণি:পশ্চিম কাৰ্বি আংলং তথা পৰিষদীয় ৰংখাং সমষ্টিৰ সাতগাওঁত আজি কাৰ্বি লাংপি ক্লাছটাৰ লেভেল ফেডাৰেচনৰ উদ্যোগত সমূহীয়াকৈ মহিলা আত্ম-সহায়ক গোটৰ দ্বিতীয় সংখ্যক বাৰ্ষিক সভা অনুস্থিত হোৱাৰ বিপৰীতে ডংকামোকামৰ আৰটো-কেকানতো আমলং-ছাৰপ ক্লাছটাৰ লেভেল ফেডাৰেচনৰ দ্বিতীয় সংখ্যক বাৰ্ষিক আৰু অজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ উদ্বোধনী সভা অনুষ্ঠিত হয়। উক্ত সভা দুখনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিপৰীতে কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’,বৈঠলাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি,পৰিষদীয় কাৰ্যবাহী সদস্য জগৎছিং ইংতি,পৰিষদীয় সদস্য মংগলছিং তিমুং,দৰছিং ৰংহাং,ৰামছিং তিমুং,লুনছিং টেৰণ, গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপিকে আদি কৰি বিভাগীয় বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য যে আৰটো-কেকানত আমলং-ছাৰপ ক্লাছটাৰ লেভেল ফেডাৰেচনৰ দ্বিতীয় সংখ্যক বাৰ্ষিক সভাতেই বিধায়ক পুঁজিৰ যোগেদি সকলোৰে উপস্থিতিত প্ৰাপ্য ছাত্ৰ-ছাত্রীক আৰ্থিক সাহাৰ্যৰ চেক বিতৰণ কৰে বিধায়ক ডঃ মানছিং ৰংপি, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ইয়াৰ উপৰিও এই অনুষ্ঠানৰ যোগেদিয়ে আমলং-ছাৰপ ক্লাছটাৰ লেভেল ফেডাৰেচনে ক্ৰয় কৰা এখন অটো’ ৰিক্সা ঋণৰূপে প্ৰদান কৰে জোনটি ক্ৰপি নামৰ এগৰাকী মহিলাক। গুৰুত্বপূৰ্ণ যে সভাত মহিলা আত্ম-সহায়ক গোটক উদ্দেশ্যি  তুলিৰাম ৰংহাঙে কয় যে আত্ম-সহায়ক গোটৰ যোগেদি মহিলা সকলে স্বাৱলম্বী হোৱাৰ লগতে সহজে উপাৰ্জন কৰিবলৈ সক্ষম হব পাৰে। আনকি তেওঁৰ পৰিষদীয় গৃহ সমষ্টিত কেইবাটাওকৈ মহিলা আত্ম-সহায়ক গোটে বিভিন্ন কৰ্মৰ মাজেৰে লক্ষ লক্ষ টকা উপাৰ্জন কৰি নিজৰ পুঁজি মজবুত কৰাৰ নজিৰ লাভ কৰাৰ কথাও উল্লেখ কৰে ৰংহাঙে। সেয়ে অনাগত দিনত সমগ্ৰ কাৰ্বি আংলঙৰ প্ৰতিটো মহিলা আত্ম-সহায়ক গোটে নিজৰ কৰ্ম কৌশলেৰে ৰাইজক আদৰ্শৰ বাট দেখুৱাৰ লগতে বিভিন্ন সমস্যা সমাধানত বিশেষ ভূমিকা লৈ মহিলা আত্ম-সহায়ক গোটে কাৰ্বি আংলঙত সৰ্বগীন উন্নয়ন আৰু বিকাশ সাধন কৰাত সহায় আগবঢ়াব পাৰিব বুলি আশা প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

Related Articles

Leave a Reply

Close