অসমধুবুৰী

গোলকগঞ্জত বোৱাৰীৰ আত্মহত্যাৰ চেষ্টা

প্ৰথম খবৰ,গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত দক্ষিণ ৰায়পুৰ দ্বিতীয় খণ্ড গাওঁত আজি এগৰাকী বোবাৰীয়ে স্বামী গৃহ পৰিয়ালৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ প্ৰচেষ্টা চলাই চিকিৎসাধীন হোবা ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছ।

প্ৰাপ্ত খবৰ মতে, দক্ষিণ ৰায়পুৰ গাওঁৰ নালটু ৰায়ৰ পুএ নাছু ৰায়ৰ সৈতে কানুৰী গাঁৱৰ কানু ৰায়ৰ কন্যা নমিতা ৰায়ৰ ছয় বছৰ পূৰ্বে বিবাহ হয় কিন্তু বিগত দুই বছৰৰ পৰা স্বামী নাছুৰ পিতৃ আৰু মাতৃয়ৰ লগতে পৰিয়ালৰ লোকে নমিতাৰ ওপৰত শাৰিৰীক আৰু মানসিক নিৰ্যাতন আৰাম্ভ কৰে। আজি নিৰ্যাতন সহিব নোৱাৰি নমিতাই নিজৰ শৰীৰত অগ্নি সংযোগ কৰি আত্মহত্যাৰ চেষ্টা চলায়। শৰীৰৰ বহু অংশ জ্বলি যোৱাত ততালিকে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় নমিতাক। ঘটনা সন্দৰ্ভত নমিতাৰ পিতৃ কানু ৰায়ে গোলকগঞ্জ থানাত মানিক ৰায়, উলো ৰায়, নালটু ৰায় আৰু কিৰণ বালা ৰায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

Related Articles

Leave a Reply

Close