অসম

গোৱালপাৰা জিলা জনস্বাস্থ কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা বিমান বৰুৱাই উৎকচ অবিহনে চহী নকৰে

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ: যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ নামত সমগ্র ভাৰত বৰ্ষতে স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে সেই ক্ষেত্ৰত একাংশ দুৰ্নীতি গ্ৰস্থ বিষয়া ঠিকাদাৰে যে কেৰোনাৰে ধন চপাইছে সেয়া গোৱালপাৰা জিলা জন স্বাস্থ্য কাৰিকৰী বিভাগত ফুটি উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গাঁৱে ভূৱে চহৰে নগৰে অনাময় আঁচনিখন ৰূপায়ণ কৰি প্ৰতিটো ঘৰতেই পকী পায়খানাৰ ব্যৱস্থা কৰি অহাৰ সময়তে গোৱালপাৰা জিলা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা বিমান বৰুৱাৰ নেতৃত্বত চলা দুৰ্নীতিৰ চূড়ান্ত বেহাই সচেতন মহলৰ চকু কপালত তুলিছে।

প্ৰাপ্ত বাতৰি মতে, জিলা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ যিকোনো কামতেই বিনা কমিছনত এক টকাৰ কাম নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে পায়খানা সমূহৰ নামত এটাৰ নামত পাবলগীয়া ১২০০০.০০ টকাৰ ভিতৰত প্ৰায় দুই হাজাৰ টকা কাৰ্যালয় টোতে দি আহিব লাগে অন্যথা ভাৰপ্ৰাপ্ত কাৰ্যবাহী বিষয়া বিমান বৰুৱাই চহী নকৰে। তেনেস্থলত একাংশ ঠিগাদাৰ এন জি ও কৰ্মীয়ে শকত ধনৰ টোপোলা প্ৰদান কৰি কাম কৰিব লগীয়া হৈছে। আনপিনে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতা ঠিগাদাৰ বা এন জি ও কৰ্মীয়ে যিকোনো কামৰ পৰা হাত ধুবলৈ বাধ্য হৈছে এইক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপৰ উপৰিও উচ্চ পদস্ত প্ৰশাসনিক বিষয়াৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা প্ৰতিটো দল সংগঠনক এনেকুৱা দুৰ্নীতি গ্ৰস্ত বিষয়াৰ বিপক্ষে মাত মাতিবলৈ সচেতন মহলে দাবী কৰিছে। অন্যথা ভাৰতীয় জনতা পাৰ্টীৰ দুৰ্নীতি মুক্ত ভাৰত দুৰ্নীতি মুক্ত অসম কেৱল ভাষণত ফুলজাৰীৰ বাহিৰে একো নহ’ব।

Related Articles

Leave a Reply

Close