অসম

চুৰি তেলৰ টেংকাৰৰ বাবে জ্বলিল বলেৰ’ ভান

প্ৰথম খবৰ,নুমলীগড়: নুমলীগড়ৰ আৰক্ষী চকীৰ অন্তৰ্গত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ তেলগৰমৰ বাঁহবাৰীত দপদপকৈ জ্বলিল এখন বলেৰ’ পিক আপ ভান।

উল্লেখযোগ্য যে, ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এখন তেল পৰিবাহী টেংকাৰ পলাই যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে, কাৰণ টেংকাৰ খন পাৰ হৈ যোৱা পথটোত টেংকাৰ খনৰ পৰা পৰি তেলৰ বাবে কেইবা ঠাইটো জুই জ্বলি আছিল। স্থানীয় ৰাইজৰ মতে উক্ত অঞ্চলত চোৰাং তেলৰ ব্যৱসায় হয়। সম্পূৰ্ণকৈ জ্বলি যোৱা বাবে বলেৰ’ পিক আপ ভানখন বৰ্তমান লৈকে চিনাক্ত কৰিব পৰা নাই নুমলীগড় আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close