অসম

জিলা পৰিষদ-পঞ্চায়তৰ কাম কাজত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে: বিধায়িকা আঙুৰলতা

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ: “বিগত সময়ছোৱাত জিলা পৰিষদ-পঞ্চায়তৰ বিভিন্ন কাম-কাজ আৰু আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা পৰিলক্ষিত হৈছে। পঞ্চায়তৰ কামত নিকা, স্বচ্ছতা অবিহনে গাঁৱৰ প্ৰকৃত উন্নয়ন অসম্ভৱ।বিজেপি দল ক্ষমতালৈ অহাৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰে সকলো আঁচনি ৰূপায়ণ কৰা হৈছে। এখন বিকশিত, সমৃদ্ধিশালী, দুৰ্নীতিমুক্ত অসম গঠনৰ বাবে বৰ্তমান চৰকাৰৰ ঐকান্তিক প্ৰচেষ্টাক আজি সৰ্বস্তৰৰ ৰাইজে আদৰণি জনোৱাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনতো বিজেপি দলক ৰাইজে আকুন্ঠ সহায় সহযোগ আগবঢ়াব বুলি মই আশাবাদী। মোৰ বিশ্বাস এইবাৰ বটদ্ৰৱা সমষ্টি ৰ প্ৰতিটো জিলা পৰিষদ, পঞ্চায়তত বিজেপি য়ে নিৰংকুশ বিজয় সাব্যস্ত কৰিব”- এই মন্তব্যৰেই আজি বটদ্ৰৱাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰণশিঙা বজালে বিধায়িকা আঙুৰলতা ডেকাই।

বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চহৰীয়া পঞ্চায়তৰ বাৰুআটি ত SOPD(G) পুঁজি ২০১৭-১৮ বৰ্ষৰ অধীনত প্ৰায় ৯৩ লাখ টকাৰে ‘ধূপগুৰী বাৰুআটি’ ৪.৫০ কি.মি.পথটিৰ মেৰামতি ৰ কামৰ শুভাৰম্ভ কৰি বিধায়িকা গৰাকীয়ে প্ৰয়োজন সাপেক্ষে পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটৰ সৈতে মিত্ৰতাৰো এক ইংগিত দিয়ে। আনহাতে বাৰুৱাটিটে এক বজাৰ গৃহৰ নিৰ্মাণৰ কামৰো শুভাৰম্ভনি কৰে বিধায়িকাগৰাকীয়ে।ইপিনে, বৰচিলা পঞ্চায়তত বিধায়িকাগৰাকী উপস্থিত হৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ১ কোটি ২ লাখ টকাৰ এক পুঁজিৰে ‘বগৰীগুৰী পাম বৰচিলা’ ১.৭ কি.মি. পথটি নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচী সমূহত বিজেপি নেতা আকাশদ্বীপ ডেকা, গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰী, বিজেপিৰ ধিং আৰু বটদ্ৰৱা মণ্ডলৰ কৰ্মকৰ্তাৰ লগতে কেইবাশতাধিক ৰাইজ উপস্থিত আছিল।

Related Articles

Leave a Reply

Close