অসম

টিহুৰ চৰকাৰী কাৰ্যালয়ত বিষয়া কৰ্মচাৰীৰ অনিয়মীয়া  উপস্থিতি, উপায়ুক্তৰ কঠোৰ স্থিতি

টিহুৰপৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ: নলবাৰী জিলাৰ টিহুত থকা  বিভিন্ন চৰকাৰী বিভাগৰ কাৰ্যালয়ৰ লগতে টিহু মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি কাৰ্যালয়টোৰ একাংশ বিষয়া-কৰ্মচাৰী প্ৰায়ে নিজ কৰ্তব্যত উপস্থিত নথকাৰ অভিযোগ উত্থাপন  হৈ আহিছে।

একাংশ কৰ্মচাৰীয়ে বহু পলমকৈ কাৰ্যালয়লৈ আহি  উপস্থিতিৰ বহীত চহী কৰাৰো অভিযোগ উঠিছে। অভিযোগ মতে টিহু কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়ৰ  উচ্চ বৰ্গৰ সহায়ক গৰাকীয়ে প্ৰায়ে কাৰ্যালয়ত উপস্থিত নাথাকি মাজতে এদিন আহি উপস্থিতিৰ বহীত কেইবাদিনৰ চহী একেদিনাই কৰি থৈ যায়। এনে পৰিস্থিতিত টিহু আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰী জিলা উপায়ুক্তক দিয়া অভিযোগৰ ভিত্তিত নলবাৰী জিলা কৃষি বিষয়া প্ৰণব শইকীয়া আহি টিহু মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ নথিপত্র পৰীক্ষা কৰাত কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক কণিকা মেধিয়ে যোৱা ১৭ মাৰ্চ তাৰিখতে ১৯ আৰু ২০ মাৰ্চলৈ উপস্থিতিৰ বহীত চহী কৰা কথাটো পোহৰলৈ আহে। বিষয়টো সন্দৰ্ভত  নলবাৰী জিলাৰ  উপায়ুক্ত সঞ্জীৱ কূমাৰ দাসে অবগত হোৱাত উপায়ুক্তই  আজি কাৰ্যালয়টোত  উপস্থিত হৈ  তদন্ত আৰম্ভ কৰে।

Related Articles

Leave a Reply

Close