অসমসভা-সমিতি

ঢকুৱাখনাৰ খামন কোঁৱৰ গাঁওত বিহুৰ কৰ্মশালা

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: অসমীয়াৰ প্ৰাণৰ উৎসৱ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ তিনিটা সপ্তাহ বাকী। সেইয়ে এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ গাঁও বোৰত চলিছে বিহুৰ পূৰ্ব প্ৰস্ততি। পিছপৰি ৰোৱা নাই ঢকুৱাখনাৰ গাওঁবোৰো।

ঢকুৱাখনাৰ খামন কোঁৱৰ গাঁৱৰ অমৰজ্যোতি যুৱক সংঘৰ উদ্দ্যোগত গাঁওখনৰ ৰাজহুৱা খেলপথাৰত এখনি বিহু কৰ্মশালা অনুষ্ঠিত হৈ আছে। অহা ১১ এপ্ৰিললৈকে চলিব লগীয়া কৰ্মশালাখনিত বিহু নাচ,ঢোল বাদন, পেঁপা বাদন, তাল আৰু গগণা বাদনৰ প্ৰশিক্ষণ প্ৰদানৰ লগতে বিহু নামো শিকোৱা হৈছে।এই কৰ্মশালাত প্ৰশিক্ষকৰূপে ফাট বিহুৰ কেইবাবছৰৰো বৰ্ষশ্ৰেষ্ঠ ঢুলীয়া দীপক দাস আৰু শ্ৰেষ্ঠ বিহুৱা ভৈৰৱ দত্তৰ লগতে অন্য কেইবাগৰাকীও অভিজ্ঞ বিহুতীয়ে প্ৰশিক্ষণ প্ৰদান কৰি আছে। বিহু কৰ্মশালাখনিৰ সামৰণি পৰিব অহা ১১ এপ্ৰিলত।

Related Articles

Leave a Reply

Close