অসম

তেজপুৰত শিশু ভাওনাৰ কৰ্মশালা

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ:মহাপুৰুষ দুজনাৰ অমৰ সৃষ্ট ভাওনাক শিশু সকলৰ মাজতো প্ৰসাৰ আৰু জনপ্ৰিয়তা কৰাৰ বাবে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান জ্যোতিসংগম আৰু মিলনপুৰীয়া ৰাইজৰ উদ্যোগত ২২দিনীয়া শিশু ভাওনা কৰ্মশালা অনুষ্ঠিত হয়। শোণিতপুৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক অপুৰ্ব বৰাই শুভাৰাম্ভ কৰা শিশু ভাওনা কমশালাৰ উদ্ধোধনী অনুষ্ঠানত বয়োজেষ্ঠ ভাওনাশিল্পী মহেন্দ্ৰ হাজৰিকা , বায়ন মহেন্দ্ৰ শইকীয়া,নিলকমল শইকীয়া,বাপধন শইকীয়া,প্ৰশিক্ষক ভৰত শৰ্মা,কুশল হাজৰিকা,কৃষ্ণ শইকীয়াক বিপুল ভাৱে আদৰণী জনোৱা অনুষ্ঠানটি আটধৰে খঞ্জন হাজৰিকাই। অনুষ্ঠানত শতাধিক কনকন শিশুৱে খোল তালৰ চেৱে চেৱে বিভিন্ন নৃত্য পৰিবেশন কৰা হয়। কৰ্মশালা জৰিয়তে পৰিবেশন কৰিৱ লগা ৰাম হনুমানৰ যুদ্ধ শীৰ্ষক নাটখনো মেলা হয়।

Related Articles

Leave a Reply

Close