অসমধুবুৰীশীৰ্ষ

দক্ষিণ শালমাৰাৰ ফকীৰগঞ্জ-আমবাৰীত চিলিণ্ডাৰ বিস্ফোৰণ, চাৰিটা পৰিয়ালৰ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

প্ৰথম খবৰ, হাটশিঙিমাৰী: ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ফকীৰগঞ্জ থানা এলেকাৰ আমবাৰী-ভূঞাপাৰা গাঁওত আজি পুৱাৰ ভাগত লোক এজনৰ ঘৰত চিলিণ্ডাৰ বিস্ফোৰণ হৈ ৫ টা পৰিয়ালৰ ১৫ টা ঘৰ, দুটা তাত শাল হয় পৰা ১৮ লক্ষাধিক টকাৰ সম্পত্তি নিমিষতে ভস্মীভূত হৈ যোৱাত পৰিয়াল কেইটাৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, আজি পুৱা প্ৰায় ৭.৩০ বজাত গাঁওখনৰ ৰহিম চান্দ নামৰ লোক জনৰ ঘৰৰ মোদী চৰকাৰৰ পৰা পোৱা চিলিণ্ডাৰ এখন বিস্ফোৰণ ঘটে। কিছুদিন পূৰ্বে চৰকাৰী আঁচনিৰ পৰা লাভ কৰা চিলিণ্ডাৰৰ সহায়ত লোক জনৰ পত্নীয়ে ভাত বনাবলৈ চেষ্টা কৰোঁতে এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত কোনো লোকৰ কোনো ক্ষতি নহ’লেও বিস্ফোৰণৰ ফলত ঘৰখনৰ জুইৰ সূত্ৰপাত ঘটে। ফলত এফালৰ পৰা পাঁচটা পৰিয়ালৰ মুঠ ১৫ টা ঘৰ ভস্মীভূত হয়।

বাতৰি মতে, ৰহিম চান্দৰ তিনিটা টিনৰ ঘৰ, ঘৰৰ ভিতৰত থকা যাবতীয় নথি পত্ৰ, সামগ্ৰী, নগদ ধন সহ তেওঁৰ প্ৰায় ৪ লাখ টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। একেদৰে ৰহিম চান্দৰ জ্যেষ্ঠ ভাতৃ শহৰ চান্দৰ দুটা টিনৰ ঘৰ, নগদ ধন, অন্য সামগ্ৰী সহ ৪ লক্ষাধিক টকাৰ সম্পত্তি ক্ষতি হোৱাৰ লগতে অক্কাছ আলিৰ ৪ টা টিনৰ ঘৰ, দুটা তাঁত শাল হয় প্ৰায় ৫ লক্ষাধিক টকাৰ ক্ষতি, আব্দুল মজিদৰ ২ টা টিনৰ ঘৰ সহ প্ৰায় ২ লক্ষাধিক টকাৰ ক্ষতি আৰু আকবৰ আলিৰ ৪ টা ঘৰ প্ৰায় ৩ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি হয়। প্ৰতিটো পৰিয়ালৰ এনআৰচি, ভূমি আদিকে ধৰি যাৱতী সকলো নথি পত্ৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায়। ফলত পৰিয়াল কেইটা একেবাৰে অসহায় হৈ পৰিছে। এইদৰে চিলিণ্ডাৰ বিস্ফোৰণ হৈ পৰিয়াল কেইটাৰ ঘৰ কেইখন ভস্মীভূত হোৱাৰ সময়ত স্থানীয় ৰাইজে হাতে হাতে বাল্টি, পাচি লৈ মাটি, বালি কাটি জুই নুমাবলৈ চেষ্টা কৰাৰ লগতে কল গছ, পানী আদিৰ সহায়ত জুই নুমাবলৈ সক্ষম হয়। দুর্ঘম চৰ অঞ্চল হোৱা বাবে ফকীৰগঞ্জ এলেকাত চৰকাৰে আজিলৈ অগ্নি নিৰ্বাপকৰ কোনো ব্যৱস্থা কৰা নাই। ফলত অঞ্চলটোত জুই লাগিলে এইদৰে ৰাইজে নিজস্যভাৱে অগ্নি নিৰ্বাপন কৰিব লগা হয়।
এই ঘটনাৰ পাছত ফকীৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লয়।

Related Articles

Leave a Reply

Close