অসম

দেৰগাৱঁত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ

দেৰগাঁৱৰপৰা আব্দুল মান্নাফ,প্ৰথম খবৰ: বাঘৰ নগৰীলৈ পৰিণত হৈছে দেৰগাঁও। দেৰগাঁওত এতিয়া কম দিনৰ ব্যৱধানত বাঘ পিঞ্জৰাবদ্ধ হোৱাতো নিয়মিত ঘটনা হৈ পৰিছে। আচলতে দেৰগাঁৱেই নহয় সমগ্ৰ গোলাঘাট জিলাৰ পূব,পশ্চিম,উত্তৰ,দক্ষিণে এতিয়া বাঘেই বাঘ। মুলত দেৰগাঁও বাঘৰ মুক্তৱিচৰণস্থলী হৈ পৰাত ইয়াৰ ৰাইজে ভয়ত পেপুৱা লাগিছে। ৰাইজে ঘৰৰ কাম এৰি বাঘ পিঞ্জৰাবদ্ধ কৰাৰ কামত মনোনিবেশ কৰিব লগা হৈছে। বনৰজাই ৰাইজৰ গৰু-ছাগলী ভক্ষন কৰি চৰম সন্তাষৰ সৃষ্টি কৰিছে। পৰিস্থিতি এনে পৰ্যায় পাইছে যে ৰাইজে কৃষি কৰ্ম বাদ দিব লগা হৈছে। কৃষি পথাৰলৈ ৰাইজ ওলাই যোৱাত সকলোৰে মনত সংশয় আহি পৰিছে। ৰাইজ দল বান্ধি ওলাই নগ’লে বন ৰজাৰ আক্ৰমণৰ বলি হোৱাৰ ভয় এতিয়া পদে পদে।

উল্লেখ্যযোগ্য যে ,কুৰালগুৰিৰ কপৌচুক আৰু শিঙৰাজানত এটা মাহত দুটাকৈ বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ পিছত বৃহস্পতিবাৰে পুনৰ শিঙৰাজানতে পিঞ্জৰাবদ্ধ হৈছে এই প্ৰকান্দ নাহৰফুটুকী। বন বিভাগ আৰু ৰাইজৰ সহযোগত অঞ্চলটোৰ এখন হাবিৰ কাষত পতা পিঞ্জৰাত বৃহস্পতিবাৰৰ পুৱাই ৰাইজে নাহৰফুটুকী প্ৰত্যক্ষ কৰে আৰু হুৱাদুৱা লাগে। ৰাইজে লৰাঢপৰাকৈ বাঘ পিঞ্জৰাবদ্ধ হোৱা স্থানত উপস্থিত হৈ এবাৰ ওচৰৰ পৰা বন ৰজাক চাবলৈ হেতাওপৰা লগায়। ৰাইজৰ মতে,এই অঞ্চলটোত আৰু অধিক বাঘ আছে। জীৱশ্ৰেষ্ঠ মানুহে অধিক পৰিমাণৰ অৰণ্য় ধ্বংস কৰাৰ পৰিণতিত এতিয়া জনাঞ্চলেই বসতিস্থল হৈ পৰিছে বন ৰজাৰ। দেৰগাঁৱৰ শিঙৰাজানত আজি এইটো বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ বিপৰীতে ইয়াৰ ফেটা,হাবুঙিয়া,ভকতীয়া,মাছকটা আৰু নাহৰ ডোঙা অঞ্চলত চাৰিদিন ধৰি বাঘৰ আতংক অৱ্যাহত আছে। ইয়াত বাঘৰ আক্ৰমণত এজন আহত হোৱাৰ ওপৰি কেইবাটাও পশুধন হানি হৈছে।

 

Related Articles

Leave a Reply

Close