অসম

দৌলাশালত জুৱাৰী আটক

প্ৰথম খবৰ , চেঙা 24 মাৰ্চ:
নলবাৰী জিলাৰ দৌলাশালত কালি এটা জুৱাৰী আটক কৰি জেললৈ প্ৰেৰণ কৰে দৌলাশাল আৰক্ষীয়ে । দৌলাশালকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল চলি থকা জুৱাৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ সময়তে কালি দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জগানন্দ বড়োৰ নেতৃত্বত যোৱা এদল আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে অভিযান চলাই এটা জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় । আটক হোৱা জুৱাৰীটো বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গাদেশালী পাম গাঁৱৰ প্ৰয়াত ফজৰ আলীৰ পুত্ৰ জহৰ আলী(28) বুলি জানিব পৰা গৈছে । ধৃত জুৱাৰীটোক আজি দৌলাশাল আৰক্ষীয়ে নলবাৰী আদালতলৈ প্ৰেৰণ কৰে ।

Related Articles

Leave a Reply

Close