অসমনগাঁও

ধিং মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ মেধাৱী ছাত্ৰৰ মৃত্যুত ধিঙত শোকৰ ছাঁ

ডুমডুমীয়াৰপৰা আনছাৰুল ইছলাম,প্ৰথম খবৰঃ নগাঁও জিলাৰ ধিং থানাৰ অন্তর্গত জেঙ্গনী গাঁৱৰ নিবাসী আব্দুল মান্নানৰ পুত্ৰ জহিৰুল ইছলাম যোৱা ৰাতি আকস্মিকভাৱে অকাল মৃত্যুত গাওঁখনত এক শোকৰ ছাঁ নামি আহে।

জানিবপৰা মতে, জহিৰুল ইছলাম ধিং মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ মেধাবী ছাত্ৰ আছিল। এই মেধাৱী ছাত্ৰজনৰ আকস্মিক মৃত্যুক নিজৰ পৰিয়ালৰ তথা স্থানীয় ৰাইজেও সহজভাৱে মানি ল’ব পৰা নাই।  ছাত্ৰজনক চোৱাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অগণন লোক আহি গাওঁখনত ভিৰ কৰিছে।

Related Articles

Leave a Reply

Close