অসম

নগাঁৱত ভাওনাৰ কৰ্মশালা

ননৈৰপৰা গৌৰাংগ বৰা, প্ৰথম খবৰ: অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যবাদ্য সৃষ্টি ভাওনাক জনমুখী কৰি তুলি গুৰুজনাৰ সৃষ্টিক ধৰি ৰখাৰ প্ৰয়াসত নগাঁও ভাওনা সমাৰোহৰ উদ্যোগত আজিৰে পৰা নগাঁও শ্বহীদ ভবনত আয়োজন হৈছে ভাওনাৰ কৰ্মশালা।

মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে বিশিষ্ট সত্ৰীয়া নৃত্য বাদ্য গীতৰ যশস্বী শিল্পী সংগীত নাটক বঁটাৰে সন্মানীত ঘনকান্ত বৰবায়ন। ভাওনা কৰ্মশালাটিত প্ৰায় শতাধিক নতুন প্ৰজন্ম আৰু জেষ্ঠ লোকে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, প্ৰতিবছৰে বিশিষ্ট সংস্কৃতিক কৰ্মী, নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱাৰ প্ৰচেষ্টাত প্ৰতিবছৰে উদযাপিত হৈ আহিছে ভাওনা সমাৰোহ।

Related Articles

Leave a Reply

Close