অসম

নামতি ছাত্র-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী

নামতিপৰা ৰূপম বৰবৰা, প্ৰথম খবৰ: অসম মহিলা বিশ্ববিদ্যালয়ৰ মৰ্যদা অৱনমিত কৰি কাৰিকৰী প্ৰতিষ্ঠানলৈ পৰ্যবেসিত কৰাৰ প্ৰতিবাদত আজি নামতিৰ ৰাজপথত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী সমদল কাৰ্যসূচী গ্ৰহণ কৰে।

নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত এই প্ৰতিবাদী সমদলৰ কেইবাশতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কৰে৷ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুদাৰ্বাদ, অসম চৰকাৰ মুৰ্দাবাদ ধনিৰে নামতি চাৰিআলিৰ মাজমজিয়াত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ছাত্ৰসকলে ৰাজ্য চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

Related Articles

Leave a Reply

Close