অসম

বড়ো মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস

প্ৰথম খবৰ, ৰঙিয়া: চৰকাৰী বড়ো মাধ্যমৰ বিদ্যালয়ত দিনক দিনে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ৰঙিয়াৰ দুখন প্ৰতিষ্ঠিত বড়ো মাধ্যমৰ বিদ্যালয়ক একত্ৰীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰঙিয়া বনগাঁওৰ বংশীধৰ চৌধুৰী বড়ো মাধ্যম হাইস্কুলৰ একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলে।  বিদ্যালয়খনৰ  ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিনক দিনে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়খন আন এখন বড়ো মাধ্যমৰ বিদ্যালয়ৰ সৈতে চামিল কৰাত সিদ্ধান্ত গ্ৰহণ কৰে বুলি জনা গৈছে। চৰকাৰৰ এই সিদ্ধাান্ত  কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে, বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মাত্ৰ ৪০ জন হোৱাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ উচ্চ শিক্ষা আয়ুক্তই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি খবৰত  প্ৰকাশ। এই সন্দৰ্ভত শিক্ষা সচিৱে জাৰি কৰা এক নিৰ্দেশ (নং- এ এছ ই ৪৮১/২০১৬/৬৬-এ, তাৰিখঃ ২৭-০২-২০১৮) অনুসৰি ৰঙিয়াৰ বংশীধৰ চৌধুৰী বড়ো মাধ্যমৰ বিদ্যালয়খন ৰঙিয়া গুৰুকুছিৰ  বড়ো মাধ্যম হাইস্কুলৰ সৈতে চামিলকৰণৰ নিৰ্দেশ জাৰি কৰিছে৷ একেটা নিৰ্দেশ যোগে শিক্ষা বিভাগে বিদ্যালয়খনৰ ১২ গৰাকী শিক্ষকক বদলি কৰি গুৰুকুছিৰ ৰঙিয়া বড়ো মাধ্যম বিদ্যালয়খনত সংস্থাপিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চৰকাৰৰ এই সিদ্ধান্তক পিছে ৰাইজে সহজভাৱে মানি ল’ব পৰা নাই৷ বংশীধৰ চৌধুৰী বড়ো মাধ্যম হাইস্কুলৰ অভিভাৱক, পৰিচালনা সমিতিৰ সদস্য আৰু স্থানীয় ৰাইজে আজি চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদত বিদ্যালয় প্ৰাংগনত এখন সভা অনুষ্ঠিত কৰে৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা স্থানীয় সমাজকৰ্মী হৰেন্দ্ৰ নাথ বড়োৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰঙিয়া জিলা বড়ো সাহিত্য সভা, এবছুৰ কামৰূপ জিলা সমিতি আৰু ৰঙিয়া জিলা ট্ৰাইবেল সংঘৰ প্ৰতিনিধিবৰ্গয়ো অংশ গ্ৰহণ কৰে৷ সভাত ৰাইজে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়৷ অভিভাৱকসকলে সভাত অভিযোগ কৰি কয় যে সম্প্ৰতি যিখন বিদ্যালয়ৰ সৈতে বংশীধৰ চৌধুৰী বড়ো মাধ্যম হাইস্কুলখন চামিল কৰিব বিচৰা হৈছে সেইখন ৰঙিয়াৰ পৰা প্ৰায় ৭ কিল’মিটাৰ দূৰৈত অৱস্থিত৷ এনে পৰিস্থিতিত  বিশেষ কৈ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বাট কুৰি বাই বিদ্যালয়খনলৈ পাঠগ্ৰহণৰ বাবে যোৱাটো সম্ভৱপৰ নহ’ব৷ সভাত চৰকাৰৰ এই সিদ্ধান্ত বাতিলকৰণৰ বাবে অনুৰোধ জনাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সভাত এখন সাত জনীয়া সমিতি গঠন কৰা হয়। সভাত সমিতিক শিক্ষা বিভাগৰ বৰমূৰীয়াসকলৰ সৈতে যোগাযোগ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দায়িত্ব অৰ্পণ কৰা হয়৷

বিদ্যালয়খন স্থানান্তৰ কৰাৰ সিদ্ধান্তত ক্ষুদ্ধ ছাত্ৰ-ছাত্ৰীসকলে শোকত ম্ৰিয়মান হৈ থকাৰ সময়তে আজি তেওঁলোকে  বিদ্যালয় চৌহদত হঠাৎ আবেগিক হৈ কান্দোনত ভাঙি পৰে। ছাত্ৰ-ছাত্ৰী সকলৰ কান্দোনৰ ৰোলে বিদ্যালয়ত এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ কান্দোন শুনি ওচৰ পাজৰৰ ৰাইজে বিদ্যালয়খনলৈ ধপলিয়াই আহে। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক শান্তনা দিয়ে যদিও তেওঁলোকৰ উচুপনিয়ে সকলোৰে মন সেমেকাই তোলে। লগে লগে ৰাইজে  ছাত্ৰ-ছাত্ৰী সকলৰ সহযোগত বিদ্যালয়ৰ সমুখৰ ৰঙিয়া-ডিমু পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে কোনোপধ্যেই বিদ্যালয়খন স্থানান্তৰ কৰিব নিদিয়ে বুলি সংকল্প গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close