অসমনলবাৰী

বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, চেঙা: নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰসন্থাই আজি বৰক্ষেত্ৰীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বৰক্ষেত্ৰীৰ মুকালমুৱাত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। বৰক্ষেত্ৰীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বিশেষকৈ বৰক্ষেত্ৰীৰ বিভিন্ন ঠাইৰ চিকিৎসালয় আৰু উপ-স্বাস্থ্যকেন্দ্ৰ সমূহত জনসংখ্যা অনুপাতে চিকিৎসক আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰা, বিনামূলীয়া ঔষধ যোগান ধৰা, বিদ্যালয়-মহাবিদ্যালয়সমূহৰ খালী পদ সমূহ অতি শীঘ্ৰে পূৰণ কৰা।

বিদ্যালয়সমূহৰ আন্তঃগাঠনি উন্নিতকৰণৰ বাবে পৰ্যাপ্ত পূঁজি যোগান ধৰা, হাজো-দৌলাশাল পথটোৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰা, অঞ্চলটোৰ জৰাজীৰ্ণ পথবোৰ পুনঃনিৰ্মাণ কৰা, মুকালমুৱা মহকুমাৰ কাম খৰতকীয়া কৰা, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ খালী হৈ থকা অধ্যক্ষ পদত স্থায়ী অধ্যক্ষ নিযুক্তি দিয়া, বৰক্ষেত্ৰীত সংঘটিত ধৰ্ষণ কাৰ্যত অভিযুক্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘটত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰফিকুল ইছলাম, সম্পাদক ৰাজদ্বীপ তালুকদাৰ, উপদেষ্টা সুৰজিৎ পাঠক, নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক সহ দুই শতাধিক ছাত্ৰকৰ্মী উপস্থিত থাকে,

Related Articles

Leave a Reply

Close