অসমখেল

বৰপেটাৰােডত আন্ত:মহাবিদ্যালয় বেডমিণ্টন প্রতিযােগিতা

প্ৰথম খবৰ, বৰপেটাৰোড: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় সমূহৰ মাজত এখনি আন্ত:মহাবিদ্যালয় বেডমিন্টন প্রতিযােগিতা যোৱা ২৯ মাৰ্চৰ আজিলৈ গনেশলাল চৌধুৰী মহাবিদ্যালয়, বৰপেটাৰােডত অনুষ্ঠিত হ’য়। ল’ৰা আৰু ছোৱালী শাখাত অনুষ্ঠিত উক্ত প্রতিযােগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৪০খন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰে৷ আজি ছোৱালীৰ শাখাত অনুষ্ঠিত চুড়ান্ত খেলখনিত গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ে গুৱাহাটীৰ অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেছনক ২-১ গেমত পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে৷ আনহাতে ল’ৰাৰ শাখাত চুড়ান্ত খেলখনি গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজ আৰু গুৱাহাটীৰ অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেছনৰ মাজত অনুষ্ঠিত হয়৷ খেলখনিত অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেছন চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে৷ ছোৱালীৰ চুড়ান্ত খেলখনত সন্দিকৈ মহাবিদ্যালয়ৰ হৈ ডাইনা বৰুৱা, দৰ্শনা শৰ্মা আৰু প্ৰিয়ংকা মহন্তই খেলাৰ বিপৰীতে অভিৰুচিৰ হৈ আজিয়া ওমপে, ৰুবী লাংচিয়াং আৰু সংগীতা ডেকাই খেলে। আনহাতে ল’ৰাৰ চুড়ান্ত খেলখনত প্ৰাগজ্যোতিষ কলেজৰ হৈ অসীম ৰায়, নবাৰুণ শৰ্মা, নয়ন কছাৰী আৰু ডেনিছ হাজৰিকাই খেলাৰ বিপৰীতে অভিৰুচিৰ হৈ লাহু লিংগি, কায়েম ৰোমী, ওকৰাম বিদ্যানিকেছক আৰু দেৱজিৎ বৰ্মনে খেলে।

Related Articles

Leave a Reply

Close