অসমখেল

বৰপেটাৰ নিশাদ আলী নিৰ্বাচিত জাপানত অনুষ্ঠিত হ’বলগীয়া কাৰাটে প্ৰতিযোগিতালৈ

প্ৰথম খবৰ, বৰপেটাঃ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ অহা এটাৰ পিচত এটা ভাল খবৰে ৰাজ্যবাসীক কৰি তুলিছে গৌৰৱান্বিত৷

শেহতীয়াভাৱে বৰপেটাৰ নিশাদ আলী নামৰ এক কৈশোৰ প্ৰতিভা নিৰ্বাচিত হৈছে জাপানত অনুষ্ঠিত হ’বলগীয়া ২১ অনুৰ্ধ এছিয়ান কাৰাটে প্ৰতিযোগিতালৈ৷ অহা ১০ মে’ৰ পৰা ১৩ মে’লৈ জাপানৰ অকিনাৱা চহৰত অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক এচিয়ান কাৰাটে প্ৰতিযোগিতাত বৰপেটা চহৰৰ হাচমত আলীৰ পুত্ৰ নিশাদ আলীয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব৷ খেলুৱৈ গৰাৰীয়ে প্ৰতিযোগিতাখনৰ ১৬-১৭ বছৰৰ ৭৬ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব৷

উল্লেখ্য যে, ২০১৭ বৰ্ষত ৰাছিয়াৰ কাজাখাস্তানত অনুষ্ঠিত হোৱা ১৯ অনুৰ্ধ এচিয়ান কাৰাটে প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ খেলাৰ যোগ্যতা অৰ্জন কৰিছিল৷ বিগত বছৰত কাজাখাস্থানত অনুষ্ঠিত প্ৰতিযোগিতাখনত কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিদায় লোৱা নিশাদৰ এইবাৰ লক্ষ্য সোণৰ পদক লাভ কৰা৷ তাৰবাবে পিতৃ তথা কাৰাটে প্ৰশিক্ষক হাচমত আলীৰ তত্বাৱধানত নিয়মীয়াকৈ চলাই গৈছে অনুশীলন৷

প্ৰতিযোগিতাখনত দেশ তথা
ৰাজ্যখনৰ নাম উদ্বলাই তোলাৰ আশাৰে নিশাদে দৈনিক ছয় ঘন্টাকৈ কঠোৰ অনুশীলন চলাই আছে৷ এইবেলি বৰপেটাৰ চেন্ট টেৰেজা স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হোৱা নিশাদ আলীয়ে ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে নিজৰ প্ৰস্তুতি৷

জাপানত অনুষ্ঠিতব্য এছিয়ান কাৰাটে প্ৰতিযোগিতাৰ নিজকে সাজু কৰি তোলা বুলি উল্লেখ কৰি নিশাদে কয় কাৰাটে মোৰ প্ৰথম প্ৰেম৷ শিক্ষা জীৱনৰ সমান্তৰালকৈ মই নিয়মিতভাৱে কাৰাটেৰ অনুশীলন কৰো৷ কাৰাটেৰ দৰে খেলত ভাৰতৰ লগতে অসমক আগুৱাই নিয়া মোৰ একমাত্ৰ সপোন৷
ইপিনে নিশাদৰ সৈতে প্ৰতিযোগিতাখনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবৰ বাবে নিৰ্বাচিত হৈছে ৰাজ্যৰ আন তিনিগৰাকী প্ৰতিভাৱান কিশোৰ৷ প্ৰতিযোগিতাখনৰ ১৩-১৪ বছৰ বয়সৰ কেডেট শাখাত ভাৰতীয় দলৰ হৈ খেলাৰ বাবে নিৰ্বাচিত হৈছে যোৰহাটৰ কিশোৰী ইমন গগৈ আৰু গুৱাহাটীৰ জিতামৃত কাশ্যপ আৰু জ্যোতিস্মান কাশ্যপ৷ ইপিনে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ গৈ অৰ্থ সংকটত ভূগিছে নিশাদৰ পৰিয়ালটোৱে৷

নিশাদৰ পিতৃয়ে জানিবলৈ দিয়া মতে, প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে প্ৰয়োজন দুই লাখতকৈয়ো অধিক টকা৷ পিছে ইমান বৃহৎ পৰিমানৰ টকা কেনেদৰে সংগ্ৰহ কৰা যায় তাক লৈ চিন্তিত পৰিয়ালটো৷ কিয়নো সৰু সুৰা কাম কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া নিশাদৰ পিতৃৰ বাবে এতিয়া প্ৰায় দুইলাখ টকা সংগ্ৰহ কৰাটো অসম্ভৱ হৈ পৰিছে৷ তথাপি পুত্ৰৰ ভৱিষ্যতৰ স্বাৰ্থত আনৰ পৰা খুজি মাগি প্ৰতিযোগিতাত ভাগ ল’বলৈ পঠাই আহিছে পুত্ৰক। যোৱা বছৰ পুত্ৰক কাজাখাস্তানলৈ পঠোৱাৰ সময়ত আনৰ পৰা লোৱা ধাৰেই সুজিব পৰা নাই পৰিয়ালটোৱে ৷ এইবাৰো পুনৰ ধাৰ-ঋন লৈয়েই জাপানলৈ প্ৰতিযোগিতাত ভাগ লবলৈ পঠাবলৈ চেষ্টা চলাই আহিছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰা সহায়ৰ আশা কৰিছে দুখীয়া পৰিয়ালটোৱে ৷

ইপিনে নিশাদে অধ্যয়ন কৰা চেইণ্ট টেৰেছা ইংৰাজী বিদ্যালয়ৰ কৰ্তৃপক্ষই উৎফুল্লিত হৈ পৰিছে নিশাদৰ এই সাফল্যত৷ নিশাদৰ সাফল্য কামনা কৰি বিদ্যালয়খনৰ চেয়াৰমেন ভেইৰো কুমাৰ শৰ্মাৰ নেতৃত্বত নিশাদলৈ ১১ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হয় লগতে এক সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে নিশাদক অনাগত এছিয়ান প্ৰতিযোগিতাত সফলতা বুটলিবলৈ উৎসাহ যোগায়৷

Related Articles

Leave a Reply

Close