অসম

মঙ্গলদৈত আছুৰ বিহু কৰ্মশালা

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ:আন্তঃ মঙলদৈ ছাত্ৰ সন্থা আৰু মঙলদৈ সাংস্কৃতিক বিহুৱা দলৰ উদ্যোগত প্ৰয়াত সঞ্জীৱ ডেকা (অপুল)ৰ সোঁৱৰণীত মঙলদৈ বিহু কৰ্মশালাৰ আয়োজন। অহা ২৫ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ ছয়দিনীয়াকৈ অনুষ্ঠিত হব লগীয়া বিহু কৰ্মশলাত অংশগ্ৰহণ কৰিব বিচৰা যুৱক যুৱতী সকলৰ লগতে সমূহ ৰাইজৰ উপস্হিতি তথা সহায় সহযোগিতা কামনা কৰিছে উদ্যোগতা সমিতিয়ে ।

বিহু কৰ্মশালাটিত বিহু ঢোল,বিহু নাচ আৰু বিহু নাম প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। বিহু কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব সীমা কাকতি, গায়ত্ৰী কোঁৱৰ,ঋতুপৰ্ণ কছাৰী,পাপৰী কলিতা, পংকজ দাস,বাপুজী কোঁৱৰ,হিৰণময়ী কলিতা আৰু সংগীবৃন্দ। মঙ্গলদৈ বিষ্ণু মন্দিৰ প্ৰাঙ্গনত দিনৰ দিনৰ ১২ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’ব প্ৰশিক্ষণ কাৰ্যসূচী।

Related Articles

Leave a Reply

Close