অসম

লংকাৰ জুঠাংবস্তিত হাতী দাঁতসহ এজনক আটক

লংকাৰপৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰ:লংকাৰ উদালী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত জুঠাংবস্তি অঞ্চলত যোৱা নিশা উদালী আৰক্ষীয়ে এক অভিযান চলায় দুটাকৈ হাতী দাঁত সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে,উদালী আৰক্ষী পহৰা চকীৰ সহকাৰী পৰিদৰ্শক ঋতুপৰ্ণ গগৈৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি যোৱা এটা আৰক্ষীৰ দলে শনিবাৰে নিশা জুঠাংবস্তি অঞ্চলৰ নিবাসী চুনাফৰ আলীৰ বাসগৃহত অভিযান চলাই লুকুৱাই ৰখা অৱস্থাত দুটাকৈ হাতীৰ দাঁত উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সংক্ৰান্তত চুনাফৰ আলীক আটক কৰে।

Related Articles

Leave a Reply

Close