অসম

লাওখোৱাত অশোকাষ্টমী মেলাৰ ব্যাপক প্ৰস্তুতি 

প্ৰথম খবৰ,ৰূপহীহাট:নগাঁও জিলাৰ লাওখোৱা মৌজাৰ ভূৰান্ধাত অশোকাষ্টমী মেলা উপলক্ষে ব্যাপক প্ৰস্তুুতি আৰম্ভ কৰিছে৷ লাওখোৱাৰ ভূৰবান্ধাত প্ৰত্যক বছৰৰ দৰে এইবাৰো অহা ২৫ মাৰ্চৰ পৰা অশোকাষ্টমী পূজা,স্নান ও মেলা উদযাপন প্ৰস্তুতি উপলক্ষে ভূৰবান্ধাত এখনি উদযাপনী সভা অনুষ্টিত হয়৷ উক্ত অশোক অষ্টমী মেলা উপলক্ষে এখন শক্তিশালী কমিটি গঠন কৰা হয়৷ সভাত প্ৰশান্ত কুমাৰ ৰায়ক সভাপতি, চানমোহন মণ্ডলক উপ সভাপতি,পৰিমল মণ্ডলক সম্পাদক,শ্ৰীনাথ চৰকাৰক সহঃসম্পাদক,নিতাই দাসক কোষাধ্যক্ষ,শশীকান্ত চৰকাৰ,সুধাংশু মণ্ডল,শ্ৰীকান্ত মণ্ডল,ৰাখাল ৰায় আৰু সুকুমাৰ মণ্ডলক উপদেষ্টা হিচাপে লৈ কমিটিখন গঠন কৰে।  নতুন কমিটিখনে উক্ত কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে সহযোগিতা কামনা কৰে।

Related Articles

Leave a Reply

Close