
প্ৰথম খবৰ, লামডিং: ৰে’ল নগৰী লামডিঙত আজিৰেপৰা উলহ-মালহৰে শ্ৰীশ্ৰীশীতলা পূজা আৰম্ভ হয় ৷ সাত দিন ধৰি অনুষ্ঠিত হ’বলগীয়া এই পূজা ২৭ মাৰ্চত সামৰণি পৰিব ৷ ১৯৫৮ চনৰপৰাই অনুষ্ঠিত হৈ থকা লামডিং হৰলংফাৰৰ শীতলাবাৰীৰ পূজাই চলিত বৰ্ষত ৬১ বছৰত ভৰি দিছে।
এইবাৰ এই পূজাৰ আকৰ্ষণ হৈছে ফাইবাৰৰ স্থায়ী দেৱী মূৰ্তি।পূজা সমিতিৰপৰা জানিব পৰা মতে কৰিমগঞ্জৰ প্ৰখ্যাত শিল্পী স্বপন পালৰ তদাৰকত শিল্পী সঞ্জয় পালে শীতলা মাৰ ফাইবাৰৰ স্থায়ী মূৰ্তি নিৰ্মাণ কৰিছে। এই মূৰ্তি নিৰ্মাণত মুঠ ২২ লাখ টকা ব্যয় হ’ব বুলি পূজা সমিতিৰপৰা জানিব পৰা গৈছে ৷ আজি পূজাৰ শুভাৰম্ভনি কৰে লামডিং বিধায়ক শিবু মিশ্ৰ হোজাই জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং আৰু আৰক্ষী অধীক্ষক অংকুৰ কুমাৰ জৈনে ৷