অসম

সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পাছত গ্ৰেপ্তাৰ হ’ল নাবালিকা ধৰ্ষণৰ অভিযুক্ত, ১৭ দিন পূৰ্বে ৰূপহী থানাত ৰুজু হৈছিল গোচৰ

প্ৰথম খবৰ, ৰূপহীহাট: অপৰাধী কৰায়ত্তৰ বেলিকা প্ৰশাসনৰ পলম হয় কিয়! অপৰাধ ঘাপ দিয়াৰ কোনো চক্ৰই বিপথে পৰিচালিত কৰে নেকি আৰক্ষীক!
এনে প্ৰশ্ন উত্থাপিত হৈছে আজি ৰূপহীহাটৰ সচেতন মহলত। কন্যা শিশুক নিৰ্যাতনক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে যোৱা ১১ মাৰ্চত সংগঠিত এক নিৰ্যাতনৰ ঘটনাত জড়িত অভিযুক্তক আটক কৰাৰ লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ১২ মাৰ্চত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু হৈছিল আৰু সেই সময়তে একাংশ বাতৰি কাকতত বাতৰিও প্ৰকাশ হৈছিল কিন্তু ইমান দিনে অপৰাধী জালত পৰা নাছিল। এগৰাকী নাবালিকা কন্যাৰ ওপৰত চলা যৌন নিৰ্যাতনৰ পাছত প্ৰশাসনে শিথিল ভূমিকা গ্ৰহণ কৰাৰ পাছতে আজি পুনৰ এই বিষয়ত প্ৰতিবেদন প্ৰকাশ হোৱাৰ লগে লগে অভিযুক্ত আৰক্ষীৰ জাল পৰে৷

নাবালিকা শিশুক নিৰ্যাতন কৰাৰ অভিযোগত অভিযুক্ত ১৬ বছৰীয়া যুৱকৰ দৰে অভিযুক্ত আটক হোৱাত ১৭ দিন সময় লগাত সচেতন ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰনা হৈছে। নিৰ্যাতনৰ ঘটনা সংগঠিত কৰিয়ে পলায়ন কৰা বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰা ১৬ বছৰীয়া কিশোৰটো আজি ৰূপহীৰ পৰাই আৰক্ষী আটক কৰে। ৰাজ্যৰ বিভিন্ন ধৰ্ষণ, নিৰ্যাতন কাণ্ডৰ ক্ষেত্ৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱাৰ সময়তে ৰূপহীৰ এই ঘটনা সন্দৰ্ভত প্ৰশাসনৰ ভূমিকা লক্ষণীয় হ’ব।
উল্লেখ্য যে, সঘনাই ৰাজ্যৰ বিভিন্ন ঠাইত এই ধৰণৰ শিশু নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ আৰঁতে আইনৰ দুৰ্বলতা আৰু আৰক্ষীৰ শিথিল ভূমিকাৰ বিষয়টোৰ সৰ্বতে চৰ্চা চলিছে। নিৰ্যাতন, কন্যা শিশুৰ ওপৰত উত্পীড়ন চলোৱাৰ পাছত আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকা আৰু নানান চক্ৰৰ টকা-পইচাৰ লেনদেনেৰে মীমাংশা কৰাৰ ব্যৱস্থা বৃদ্ধি পোৱাৰ বাবেই বাৰে বাৰে এই ধৰণৰ ঘটনা ঘটিবলৈ পাইছে বুলি সচেতন মহলত ব্যাপক চৰ্চা চলা দেখা গৈছে। যৌন নিৰ্যাতনৰ দৰে গুৰুত্বপূৰ্ণ ঘটনাটো সন্দৰ্ভত ইমান দিন বিভিন্ন মহলক বিপথে পৰিচালিত কৰিবলৈ বিভিন্ন চক্ৰ সক্ৰিয় হৈ থকাৰ পাছত আজি স্থানীয় আৰক্ষীয়ে সবল পদক্ষেপ লৈ অভিযুক্ত আটক কৰাৰ পাছত সচেতন মহলে বিহিত ব্যৱস্থা ল’বলৈ ৰূপহীহাট আৰক্ষীক দাবী জনাইছে ৷

Related Articles

Leave a Reply

Close