কবিতা

সপোনৰ লুকাভাকু বুকুৰ ভিতৰে বাহিৰে

বৰ্ণালী চাংকাকতি :

উশাহ এজাকে বুকুত ঘুৰ্মুটিয়াই ফুৰিলে
হুমুনিয়াহ একোটিয়ে পাকঘূৰণি খালে
প্ৰশ্নবোৰ ওঁঠলৈ আহিয়েই থমকি ৰয়

এদিন সপোন এটাই মোক দেখিছিল
এদিন সপোনটোৱে মোৰ সৈতে খেলিছিল
আৰু সপোনটোক মই…

সপোনটো এতিয়া ক’ত?
আবেলিৰ দৰেই সন্তৰ্পণে আঁতৰি গ’ল?
নে এতিয়াও একেই লুকাভাকু
ঈষৎ দীঘলীয়া সময় লৈ

এতিয়া ভাগৰুৱা উশাহজাক
উতনুৱা হুমুনিয়াহটোৱে
লুকাভাকু খেলিছে
বুকুৰ কোনোবা এখিনিত

Related Articles

Leave a Reply

Close