অসম

সুদীৰ্ঘ ৪৩ বছৰ পিছত সৰভোগৰ ফেহুৰাখোৱাত এন আৰ চিৰ বংশ বৃক্ষই মিলন ঘটালে দুই ভাতৃৰ

সৰভোগৰপৰানীতিশ ৰঞ্জন পাটগিৰি, প্ৰথম খবৰ: মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত প্ৰস্তুত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে বহুতে প্ৰাণ লৈছে, অসংখ্য জনৰ মুৰৰ কামোৰণি হৈছে।

এন আৰ চি সম্পূৰ্ণ হ’লে সলনি হোৱাৰ সম্ভাৱনা আছে ৰাজনৈতিক সমিৰণৰ। অন্ত হ’ব বিদেশী, বাংলাদেশীৰ অপযশ। মুঠতে অসংখ্য সমস্যাৰ মাজত বহুতো আত্মীয়ৰ মিল ঘটাবলৈ সক্ষম হৈছে এন আৰ চিৰ বংশবৃক্ষই। তেনে এক ঘটনা পোহৰলৈ আহিছে বৰপেটা জিলাৰ সৰভোগৰ আৰক্ষী থানাৰ অন্তৰ্গত ফেহুৰাখোৱা গাঁৱত।
সুদীৰ্ঘ ৪৩ বছৰ পিছত ফেহুৰাখোৱা গাওঁৰ কনিষ্ঠ ভাতৃৰ ঘৰত উপস্থিত হৈ জেষ্ঠ ভাতৃ আবেগিক হৈ পৰে। ঘটনাৰ বিৱৰণী মতে এন আৰ চি ৰ বংশবৃক্ষ বিছাৰি নগাঁও জিলাৰ কাকীৰ পৰা বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত ৫১ নং ফেহুৰাখোৱা গাওঁ পঞ্চায়তৰ এন আৰ চি কাৰ্য্যলয়ত উপস্থিত হয়। পিছত ফেহুৰাখোৱা গাওঁৰ স্বৰ্গীয় বালি ৰাম দাসৰ ডাঙৰ পুত্ৰ পঞ্চানন দাসে কনিষ্ঠ ভাতৃ সিদ্ধেশ্বৰ দাসৰ ঘৰত উপস্থিত হয় । থিয়েটাৰৰ নাট্য মঞ্চত অভিনয় কৰা পঞ্চানন দাসে ৪৩ বছৰ পূৰ্বে ঘৰৰ পৰা ওলাই গৈ নগাওঁ জিলাৰ কাকীত বসবাস কৰি আছিল। কনিষ্ঠ ভাতৃ সিদ্ধেশ্বৰ দাসে ভবাই নাছিল তেওঁৰ জেষ্ঠ ভাতৃ জীয়াই আছে বুলি। পঞ্চানন দাসে নগাওঁত বসবাস কৰাৰ পিছতে উপাধি সলনি কৰি পঞ্চানন দাসৰ পৰিৱৰ্তে নাথ লিখিছিল।

৪৩ বছৰ পিছত জীৱনৰ শেষবেলা ভাতৃ সিদ্ধেশ্বৰ দাসৰ পৰিয়াল, আত্মীয় সকলোক লগ পাই আনন্দিত হৈ পৰে পঞ্চানন নাথে। মুঠতে ভাতৃদ্বয়ৰ মিলনে দুটা পৰিয়ালৰ সকলোৰে মুখত হাঁহি বিৰিঙিছে।

Related Articles

Leave a Reply

Close